গুৱাহাটীঃ বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰৰ পাছত এইবাৰ গুৱাহাটীৰ জু-ৰোড গ্ৰেনেড বিষ্ফোৰণেৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকক। ইতিমধ্যে মহানগৰ আৰক্ষীৰ হাতত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়াৰ, আলফা নেতা অমৃত বল্লভ গোস্বামীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকী হৈছে ডিব্ৰুগড়ৰ মিলন নগৰৰ প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামটি লাও।
দেওবাৰে ডিব্ৰুগড়ৰ মিলন নগৰৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামতি লাওক সোমবাৰে পুৱাই অনা হয় গুৱাহাটীলৈ। দিনটো লতাশিল থানাত আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলে জেৰা চলাই অভিযুক্ত শিক্ষক গৰাকীক।