NNO CR: নগাওঁ জিলাৰ জখলাবন্ধাৰ সমীপত হাতীমূৰাৰ মথাউৰি ছিঙি ব্ৰহ্মপুত্ৰৰ বানে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰা জখলাবন্ধাৰ দুলাল মাধৱ, মাজৰ আলি,নাগশংকৰ, পুৰণি সত্ৰ আদি অঞ্চলত তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইন্সটিটিউত অৱ মেনেজমেন্ট এণ্ড টেকন’লজী, তেজপুৰৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দই মুম্বাইৰ চাইল্ড হেল্প ফাউণ্ডেশ্যনৰ সহযোগত শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সাহায্য আগবঢ়ায়।
তেওঁলোকে আগবঢ়োৱা সাহায্য সামগ্ৰীসমূহ হৈছে পানীৰ বটল, গাখীৰ, হৰলিক্স, বিস্কুট, গা ধোৱা চাবোন, খজুৱতি দৰৱ, বহী, পেন, পেঞ্চিল, মহ খেদা ধূপ, ব্লিচিং পাউদাৰ, চেনিটেৰী নেপকিন আদি।