Home ৰাজ্যমুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ভগাই দিয়া হৈছিল গীৰ গাই! সংবাদমেলত বিস্ফোৰক দাবী পদ্ম হাজৰিকাৰ

মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ভগাই দিয়া হৈছিল গীৰ গাই! সংবাদমেলত বিস্ফোৰক দাবী পদ্ম হাজৰিকাৰ

by News Next One
A+A-
Reset

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মন্তব্যৰ বিপৰীত মন্তব্য প্ৰদান কৰিছে গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷ গৰুখুঁটি প্ৰকল্পলৈ অনা গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা অন্তৰ্ধানৰ বিষয়টোক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ হাজৰিকাই আজি মুখ খুলিবলৈ বাধ্য হৈ পৰে৷ এক সংবাদমেলত হাজৰিকাই কৰা কেতবোৰ বিস্ফোৰক মন্তব্যৰ পিছতে গীৰ গাই কেলেংকাৰীক লৈ ৰাজ্যবাসীৰ মনত বৃদ্ধি পাইছে সন্দেহ৷ সংবাদমেলত অধ্যক্ষগৰাকীয়ে দাবী কৰি কয় যে গৰুখুঁটিলৈ গীৰ গাই অনাৰ পৰামৰ্শ তেওঁ নহয়, মুখ্যমন্ত্ৰীয়েহে দিছিল।

ঘনিষ্ঠ ব্যৱসায়ীৰ জৰিয়তে গৰুখুঁটিলৈ অনা হোৱা গীৰ গাইৰ পৰা ৪০ টাকৈ গীৰ গাই কিনি নিজৰ পাম কন্যাকালৈ নিয়াৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে সম্বোধন কৰা সংবাদমেলত হাজৰিকাই পশুপালন বিভাগে প্ৰয়োজনতকৈ অধিক খৰধৰ কৰি গুজৰাটৰ পৰা গাখীৰ নিদিয়া গৰু অনা বুলি কৈ আওপকীয়াকৈ বিভাগলৈ দোষ ঠেলি দিবলৈ চেষ্টা চলায়৷ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি হাজৰিকাই গুজৰাটৰ এনডিডিবিৰ সৈতে কোনো চুক্তি কৰা নাছিল বুলিও দাবী কৰে৷

বেমাৰী গৰু আনিবলৈ পশুপালন বিভাগ বিশেষভাৱে তৎপৰ হৈ পৰা বুলি তাৎপূৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰে গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষগৰাকীয়ে৷ তেওঁ কয়, ”গৰুখুঁটি প্ৰকল্পৰ সৈতে কোনো আলোচনা হোৱা নাছিল৷ কোনো চুক্তিও হোৱা নাছিল৷ যি হৈছে পশুপালন বিভাগৰ সৈতে হৈছে৷ নিবিদা আহ্বান কৰিছিল পশুপালন বিভাগে৷ অৰ্ডাৰ কৰিছে পশুপালন বিভাগে৷ গৰুখুঁটি প্ৰকল্প গৰু অনা ব্যৱস্থাটোৰ সৈতে জড়িত নহয়৷’’

পদ্ম হাজৰিকাই লগতে কয়, ”সেই সময়ত প্ৰকল্পটোত গৰু ৰাখিবলৈ ঠাই নাছিল৷ আমি কথাটো জনাইছিলো৷ কিয়নো গৰু অনাৰ ক্ষেত্ৰত পশুপালন বিভাগক যি নিৰ্দেশ দিছিল সেয়া দিছিল মুখ্যমন্ত্ৰীয়ে৷ তেতিয়া ৫৬ টা গৰু মৰিছিল৷ আমি প্ৰতিটো গৰুৰ পোষ্টমৰ্টেম কৰি ফটোসহ তথ্য ৰাখি থৈছো৷ পশুপালন বিভাগৰ অতিৰিক্ত সচিবসহ যোৱা দলে প্ৰতিবেদন দিছিল যে সেয়া আছিল হাল বোৱা গৰু, গাখীৰ দিয়া গৰু নহয়৷ ১২৫টা হাল বোৱা গৰু আছিল৷ মই মুখ্যমন্ত্ৰীক জনাইছিলো যে এই গৰু ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ২০২২ চনত যেতিয়া ৩০০ গীৰ গাই আনিবলৈ ব্যৱস্থা কৰা হৈছিল তেতিয়া গৰুখুঁটিত গৰু ৰাখিব পৰাৰ ব্যৱস্থা নাছিল৷’’

পশুপালন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ হেঁচাত গৰু অনা হৈছিল বুলি বিস্ফোৰক দাবী কৰি পদ্ম হাজৰিকাই কয়, ”পশুপালন বিভাগে জিলা আয়ুক্তক জনাইছিল যে গৰু আহি পাব৷ কিন্তু গৰুখুঁটিত ৩০০ গৰু ৰাখিবলৈ ঠাই নাই৷ কথাটো মুখ্যমন্ত্ৰীক কোৱাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে দুই-এজন বিশেষ লোকে গীৰ খাই ৰাখিব খোজে। গতিকে এনডিডিবিয়ে যিমান টকাত গীৰ গাই দিছে সেই দামতে দি দিব লাগে৷’’

তাৎপৰ্যপূৰ্ণ যে আজিৰ সংবাদমেলত পদ্ম হাজৰিকাই কৰা এনে মন্তব্যৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে গৰুখুঁটিত গৰু মৰিবলৈ ধৰাত বিজেপিৰ নেতাই ক্ৰয় কৰি গৰুখুঁটিক উদ্ধাৰ কৰিছিল বুলি দাবী কৰি কৈছিল, ”আমাৰ মানুহে গীৰ গাইক খুৱাই মেলি পুহি ৰাখিব নোৱাৰে৷ কোনোবা মন্ত্ৰী-বিধায়কে লৈ গৈছে। ভালহে পাব লাগে৷ গৰু এটাক জীৱন দিছে, গৰুখুঁটিক উদ্ধাৰ কৰিছে৷’’

কিন্তু মুখ্যমন্ত্ৰীৰ এনে মিথ্যাচাৰ উদঙাই আজি পদ্ম হাজৰিকাই কয় যে গৰুখুঁটিলৈ গৰু আহি নোপোৱাৰ পূৰ্বেই গৰু ৰাখিবলৈ ঠাই নোহোৱাত মুখ্যমন্ত্ৰীৰ পৰামৰ্শত গৰু একেই দামতে একাংশ বিশেষ লোকক দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ পদ্ম হাজৰিকাই সংবাদমেলত বিষয়টো স্পষ্ট কৰি দি কয় যে গৰুখুঁটিত ৩০০ গৰু ৰাখিব পৰাৰ ব্যৱস্থা নথকাত আৰু মুখ্যমন্ত্ৰীয়ে কোনোবাই কোনোবাই গীৰ ৰাখিব খুজিলে তেওঁলোকক দিয়াৰ কথা কোৱাত মুখ্যমন্ত্ৰীৰ পৰামৰ্শত গীৰ গাই মন্ত্ৰী-বিধায়কক দিয়া হৈছিল৷

ৰঙিয়াত ৩০০ গীৰ গাই নমোৱাৰ কথা স্বীকাৰ কৰি পদ্ম হাজৰিকাই কয় যে ২১০টা ট্ৰাকত উঠাই গৰুখুঁটিলৈ অনা হৈছে৷ বাকী মন্ত্ৰী-বিধায়সকলে বেলেগ গাড়ীৰে নিজ নিজ ঠাইলৈ নিছে৷ ৰঙিয়া ষ্টেচনৰ পৰা গৰু নিয়াৰ ক্ষেত্ৰত নিবিদাৰ কোনো কথা নাছিল বুলি দাবী কৰি পদ্ম হাজৰিকাই কয় যে ইয়াত নিবিদাৰ কোনো কথা নাই৷ যিসকলে গৰু ল’ব খুজিছিল তেওঁলোকক ৰঙিয়া ষ্টেচনলৈ আহি গৰু নিবলৈ জনাই দিয়া হৈছিল৷ বিজেপিৰ অন্যান্যসকলে ৮৯ হাজাৰ টকাকৈ একোটা গীৰ গাই কিনিছিল৷ কিন্তু জয়ন্তমল্ল বৰুৱাই ৬৬ হাজাৰ টাককৈ গীৰ গাই কিনিছিল৷ গৰু বিক্ৰী কৰি পোৱা টকা গৰুখুঁটি প্ৰকল্পৰ একাউণ্টত জমা আছে৷

পদ্ম হাজৰিকাই এনডিডিবিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আমাৰ হাতত ২ কোটি টকা জমা আছিল৷ সেই কথা জানি এনডিডিবিয়ে গীৰ গাইৰ টকা বিচাৰিবলৈ আৰম্ভ কৰিছিল৷ যিহেতু গৰু দিয়াৰ পিছতে মৰিবলৈ আৰম্ভ কৰিছিল তাৰ বাবে মই নিজেই টকা দিবলৈ সন্মত হোৱা নাছিলো৷ মুখ্যমন্ত্ৰীৰ সৈতে দুবৰাকৈ আলোচনা কৰা হৈছিল৷ সিদ্ধান্ত হৈছিল ১৫৪গৰাকী গৰু ঘূৰাই ল’ব লাগিব৷ ৮৮ হাজাৰ টকাকৈ বিচাৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে ৬৬ হাজাৰকৈ দিবলৈ কোৱাত এনডিডিবি সন্মত হৈছিল। তাৰ বাবে যিসকলে ৮৯ হাজাৰ টকাত গৰু ক্ৰয় কৰিছিল তেওঁলোকক পিছত ২০ হাজাৰকৈ টকা ঘূৰাই দিয়া হৈছে৷

এনডিডিবিয়ে আদালতলৈ গৈ ২ কোটি ৪০ লাখ টকা আদায় কৰাৰ ভাবুকি দিছিল যদিও যুটীয়া গোটে তদন্ত কৰি হাল বোৱা গৰু দিয়া কথাটো প্ৰমাণ হোৱাত জীৱিত গৰুৰ বিপৰীতে ৬৬ হাজাৰকৈ টকা দিয়া হৈছে বুলি কয় পদ্ম হাজৰিকাই৷ এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ কথাৰ মাজত আকাশ-পাতাল তফাৎ আহি পৰাত ৰাজ্যবাসীৰ মাজত উক্ত কেলেংকাৰীক লৈ অধিক চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া, কংগ্ৰেছৰ প্ৰতিবাদ

গৰু কেলেংকাৰী সন্দৰ্ভত প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা তথা বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকাই গৰুখুঁটি প্ৰকল্পৰ নামত সংঘটিত কেলেংকাৰীক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এয়া কেৱল গৰু চুৰিৰ কথা নহয়, বৰঞ্চ অসমৰ জনসাধাৰণৰ প্ৰতি প্ৰতাৰণা। উপমন্যু হাজৰিকাই কয় যে প্ৰভাৱশালী নেতা বিশেষকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে গৰুখুঁটি প্ৰকল্পৰ পৰা বিদেশী জাতৰ গৰু হস্তান্তৰ বা চৰকাৰী চুৰি কৰাটো কোনো সাধাৰণ কেলেংকাৰী নহয়। এনে কেলেংকাৰী সেই প্ৰৱঞ্চনাক প্ৰতিবিম্বিত কৰিছে৷ যিদৰে বিদেশী বিতাড়নৰ নামত ভূমি পুত্ৰক প্ৰতাৰণা কৰা হৈছিল। বিদেশী মূলৰ অবৈধ বাসিন্দাক উচ্ছেদ কৰি মুক্ত কৰা মাটিত গৰুখুঁটি কৃষি আৰু দুগ্ধ প্ৰকল্প নিৰ্মাণ কৰা হৈছিল। কিন্তু আজি সেই প্ৰকল্পটো ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ আগষ্ট মাহত ঘোষণা কৰিছিল যে এটা আদৰ্শ প্ৰকল্প নিৰ্মাণৰ বাবে ৭৭,৪২০ বিঘা মাটি মুকলি কৰা হ’ব৷ যাৰ ফলত সমগ্ৰ গুৱাহাটীলৈ খাদ্য যোগান ধৰা হ’ব।

হাজৰিকাই দাবী কৰে যে এই পৰ্যন্ত মাত্ৰ ৬ হাজাৰ বিঘা মাটিহে এই প্ৰকল্পলৈ হস্তান্তৰ কৰা হৈছে যদিও গৰু চৰা বা ঋতুভিত্তিক খেতিৰ বাবে মাটিৰ মালিকসকলক সেই মাটিত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁ আৰু কয় ছিপাঝাৰ ৰাজহ চক্ৰৰ ৯০ শতাংশতকৈ অধিক মাটি এতিয়াও বাংলাদেশী মূলৰ লোকে দখল কৰি আছে। প্ৰায় ২০০০ স্থানচ্যুত পৰিয়ালক দলগাঁও অঞ্চললৈ স্থানান্তৰিত কৰি প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ এক বিঘা মাটি আৰু কিছু নগদ ক্ষতিপূৰণ দিয়া হৈছে। তথাপিও এই অঞ্চলৰ ৬০ শতাংশ বাসিন্দাক এনআৰচিৰ খচৰাৰ পৰা আঁতৰাই ৰখা হৈছে। গুৱাহাটীৰ আমচাং আৰু শিলসাঁকো অঞ্চলত মাটিৰ মালিকক উচ্ছেদ কৰাৰ সময়ত কাকো বিকল্প মাটি দিয়া হোৱা নাছিল, যাৰ নাগৰিকত্বৰ ওপৰত কোনো প্ৰশ্নই উত্থাপন হোৱা নাই।”

উপমন্যু হাজৰিকাই তীব্ৰ আক্ৰমণ কৰি কয় যে, “চৰকাৰে গৰুখুঁটি যি উচ্ছেদ চলোৱা বুলি কৈছে, তাৰ পৰা মূলতঃ বাংলাদেশী দখলদাৰী আৰু নেতাসকলহে লাভৱান হৈছে। বিপৰীতে ভূমি পুত্ৰসকল ক্ষতিগ্ৰস্তহে হৈছে।” ইফালে, শেহতীয়াকৈ গৰুখুঁটিৰ গৰুবোৰ বেমাৰী আৰু মৃত্যুমুখত পৰা বাবেই সেইবোৰ স্থানান্তৰ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে উপমন্যু হাজৰিকাই। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে যদি এয়াই সঁচা হয়, তেন্তে মন্ত্ৰী বা প্ৰকল্পৰ মুৰব্বীয়ে এতিয়ালৈকে আমাক এই তথ্য কিয় কোৱা নাছিল? গৰুবোৰ মৰিছে বুলি প্ৰমাণ কৰা চৰকাৰী নথি-পত্ৰ ক’তো নাই বা নিলামত বিক্ৰী হ’লে বাংলাদেশলৈ সৰবৰাহ কৰা হ’লহেঁতেন। তেওঁ পুনৰ কয়, “সাধাৰণতে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰাটো ভাল নহয়, কিন্তু আমাৰ মুখ্যমন্ত্ৰী সদায় নিজৰ সুবিধা অনুযায়ী সত্য উপস্থাপন কৰাত অভ্যস্ত।

ইপিনে আজি কংগ্ৰেছ দলে গুৱাহাটীত গৰুখুঁটি প্ৰকল্পৰ নামত সংঘটিত কেলেংকাৰীক লৈ প্ৰতিবাদ জনায়৷ গৰুখুঁটিত বৃহৎ পৰিসৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি কামৰূপ জিলা কৃষক কংগ্ৰেছৰ নেতৃত্বত নেতা-কর্মীয়ে দিছপুৰত প্ৰতিবাদ জনায়। এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) গঠন কৰাৰ দাবী জনায়৷ কংগ্ৰেছ নেতা হৰিপ্ৰসাদ শইকীয়াই সংবাদমাধ্যমৰ আগত কয় যে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে গৰুখুটি দুৰ্নীতিত এছআইটিৰ দ্বাৰা তদন্ত আৰম্ভ কৰা হয়। আমি এই দুৰ্নীতিক তীব্ৰভাৱে নিন্দা জনাইছো আৰু গৰুখুঁটি কেলেংকাৰীত জড়িত সকলো মন্ত্ৰী, বিষয়া আৰু ৰাজনৈতিক নেতাৰ পদত্যাগ দাবী কৰিছো।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0