গুৱাহাটীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ ৫০ লাখ টকীয়া ৰাজসাহায্য, জয়ন্ত মল্লবৰুৱাই নিজ ফাৰ্মলৈ গীৰ গাই নিয়া আৰু সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কৈ অপমান কৰাৰ পিছতে ‘দাদা ব্ৰিগেডে’ বেকফুটত খেলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছৰ পৰা অহা দাদা ব্ৰিগেডে পত্নীৰ নামত ৰাজসাহায্য লোৱা, গীৰ গাই নিজ ফাৰ্মলৈ নিয়া আৰু সাংবাদিকক কৰা অপমানৰ বাবে বিজেপিৰ ভিতৰচ’ৰাত নানা প্ৰশ্নৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷
যি বিজেপিয়ে গাই গৰুক মাতা বুলি গণ্য কৰি গো-ধন নিধন ৰোধৰ কথা কৈ ৰাজনীতি কৰি আহিছে, তেনে সময়তে খোদ বিজেপি নেতাৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াকে লৈ আৰএছএছৰ শীৰ্ষ মহলতো ব্যাপক অসন্তুষ্টি দেখা গৈছে। আৰএছএছৰ লগতে বিজেপিৰ পুৰণি নেতা-কৰ্মীৰ মাজত বু বু বা বা আৰম্ভ হোৱাৰ অভিযোগৰ মাজতে এই বিষয়টোৰ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ্চা হোৱাটো বিচৰা নাই আৰু যিকোনো প্ৰকাৰে গীৰ গাই চুৰি, অন্তৰ্ধান তথা ভগাই লোৱা বিষয়টোক সোনকালে চৰ্চাৰ পৰা আঁতৰ কৰিবলৈ উঠি-পৰি লাগিছে।
সেয়েহে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱ কংগ্ৰেছৰ ফেচবুক পেজত আৰৱৰ পৰা চলি থকা বুলি অভিযোগ কৰাৰ লগতে ধুবূুৰীত ১,৪০০ গৰু কটা বুলি দাবী কৰি বিষয়টো অন্য দিশে নিব খুজিছে বুলি সচেতন মহলে ধাৰণা কৰিছে৷ ছ’চিয়েল মিডিয়াৰ কেবাগৰাকী বিশেষজ্ঞই এই সন্দৰ্ভত কয় যে ৰাজনৈতিক দলবোৰৰ ফেচবুক পেজবোৰ আজিকালি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় এজেন্সীয়ে চলাই। কিছুমান এজেন্সীৰ মুখ্য কাৰ্যালয় ডুবাইত থাকে। গতিকে সেই এজেন্সীৰ কোনো লোক যদি এটা পেজত এডমিন হিচাপে থাকে তেন্তে ফেচবুক পেজৰ প্ৰাইমেৰী লোকেশ্যনত সেয়া প্ৰদৰ্শিত হয়।
এইবোৰ কথা জানিও মুখ্যমন্ত্ৰীয়ে নিজেই অপবাদৰ পৰা হাত সাৰিবলৈ সেইবোৰকে ইছ্যু কৰিবলৈ চেষ্টা চলাইছে বুলি চৰ্চা চলা দেখা গৈছে। মিডিয়াৰ পৰা গৰু চুৰিৰ বিষয়টোৰ চৰ্চা নাশ কৰিবলৈ মুছলমানক লৈ মন্তব্য দি গৈছে৷ যাতে ৰাইজে ধুবুৰী, মুছলমান আদি বিষয়ক লৈ চৰ্চা কৰে৷ সেই কথাৰ আজিয়েই প্ৰমাণ পোৱা যায়৷
উল্লেখ্য যে শিৱসাগৰলৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকে মুখ্যমন্ত্ৰীক ধাৰাপুৰত এই বিষয়ত প্ৰশ্ন কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো কাৰণত ৰাজসাহায্য, জয়ন্ত মল্লবৰুৱাই নিজ ফাৰ্মলৈ গীৰ গাই নিয়া আৰু সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কৈ অপমান কৰা বিষয়ত প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰিলে৷ এই বিষয়ত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী অসহজ হৈ পৰে৷
সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত আৰু নতুনকৈ কিয় ক’ব লাগে বুলি উত্তৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকজনক কয় যে চাবোনৰ দৰে ফেনটো কিয় ওলাব খোজে? কালিৰ কথা কালিয়েই গ’ল। ৰাতি শুলো, নতুন সপোন দেখিলো৷ কথাটো তাতেই শেষ হৈ গ’ল৷ বিজেপিৰ ভিতৰচ’ৰাত দাদা ব্ৰিগেডৰ কৰ্মকাণ্ডক লৈ তীব্ৰ আলোচনা-বিলোচনা হ’বলৈ ধৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ্মকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাৱধানতা অৱলম্বন কৰা দেখা গৈছে৷
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপৱৰ্তী ধাৰাপুৰত কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ ধাৰাপুৰত সামূহিক সভাগৃহ আৰু পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। প্ৰায় ৩ কোটি টকাৰ ব্যয়ৰ সম্ভাৱনাৰে এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ বাবে সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি আৰু শিক্ষাৰ আধুনিক সুবিধা লাভৰ পথ সুগম হ’ব।
মুখ্যমন্ত্ৰীয়ে কয় যে ধাৰাপুৰত সামূহিক সভাগৃহ আৰু পুথিভঁৰালৰ বাবে আগবঢ়োৱা দাবী আগেয়ে আমাৰ ওচৰলৈ আহিছিল। আজি সুখৰ কথা যে ৬০ লাখ টকা বিনিয়োগৰে আমি প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিছো৷ প্ৰথম পৰ্যায়ত ৫,০০০ বৰ্গফুট এলেকাত কাম চলিব। মুখ্যমন্ত্ৰীয়ে লগতে কামৰ সময়মতে অগ্ৰগতি নিশ্চিত কৰাৰ বাবে ৪০ লাখ টকাৰ অতিৰিক্ত অনুদানো ঘোষণা কৰে।
তেওঁ কয় যে প্ৰথম পৰ্যায়ত ৫,০০০ বৰ্গফুট এলেকাত কাম হ’ব৷ দ্বিতীয় পৰ্যায়ত ১০,০০০ বৰ্গফুট অতিৰিক্ত প্ৰসাৰিত হ’ব। ইয়াৰ সৈতে মুঠ ব্যয় প্ৰায় ৩ কোটি টকাত উপনীত হ’ব। দ্বিতীয় পৰ্যায়ৰ বাবে মই ৪০ লাখ টকা অতিৰিক্ত দিম৷ ৰাইজৰ সৈতে আলোচনা কৰি আগলৈ কামৰ পৰিকল্পনা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সভাগৃহত একাধাৰে এটা পৰম্পৰাগত পুথিভঁৰাল আৰু এটা ডিজিটেল পুথিভঁৰালো স্থাপনৰ কথা ঘোষণা কৰে আৰু কয় যে ছাত্ৰ-ছাত্ৰীৰে শিক্ষালাভ অধিক সহজ আৰু উপযোগী হ’ব।