newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে ধৰ্ষণ নিৰ্যাতন আদিৰ দৰে ঘটনা৷ চৰকাৰে ধৰ্ষণ কাণ্ড ৰোধৰ বাবে নতুন নতুন আইন প্ৰৱৰ্তন কৰিলেও কোনোপধ্যেই হ্ৰাস পোৱা নাই ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে অমানুষিক ঘটনা৷ শিশুৰ পৰা বৃদ্ধালৈ কোনো বাদ পৰা নাই এচাম পাষণ্ডৰ কামনাৰ দৃষ্টিৰ পৰা৷
তিনিদিন ধৰি এগৰাকী কিশোৰীৰ চিৎকাৰ, আৰ্তনাদে কঁপাই আছিল এটি গৃহ৷ কিশোৰীগৰাকীৰ আৰ্তনাদৰ বিপৰীতে ৬ জন বৰ্বৰে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে৷