ডিব্ৰুগড় :কিশোৰীৰ বিকশিত বয়সৰ লগে লগে কেনেধৰণে সমাজ ব্যৱস্থাৰ সৈতে চলা ফুৰা,সচেতনতা অৱলম্বন কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে তাৰ প্ৰতি বিশেষ সজাগতাৰ বাবে কালি দিনযোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ খোৱাং শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ সৌজন্যত খোৱাং কমিউনিটি হলত উদযাপন কৰা হয় কিশোৰী দিৱস।
ডিব্ৰুগড় জিলা শিশু আৰু মহিলা কোষৰ তত্বাৱধানত আৰু ইউনিচেফৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ ঘনশ্যাম সোনোৱালে ভাগ লয়। কেইবা শ কিশোৰীৰ বি এম আই পৰীক্ষা কৰি ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাই দিয়ে ।