newsnextone.com | অভয়াপুৰীঃ মানুহৰ মানৱীয়তাৰ চৰম সীমা ক’ত? কোন ফালে গৈ আছে আজিৰ প্ৰজন্ম তথা চিন্তাধাৰা? বৃহৎ কাৰণটো বাদেই, সৰু সৰু কাৰণতে মানুহে মানুহৰ ওপৰত চলোৱা অমানুশিক আক্ৰমণে এতিয়া ভাৱিবলৈ বাধ্য কৰি তুলিছে এনে কিছুমান প্ৰশ্ন৷ আধুনিকতাই জীৱনৰ চৰম সীমা অতিক্ৰম কৰা সময়ত মানুহৰ পৈশাচিক আনন্দ লাভৰ তাড়না বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতিকৈ ভয়াবহ সংকেট বুলিও কোনো কোনোৱে ক’ব বিচাৰে৷
দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় নিৰ্যাতনৰ ঘটনা৷ বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যসমূহত সঘনাই নিৰ্যাতন আৰু মৰেল পুলিচগিৰিৰ বিষয়ে বাতৰি প্ৰচাৰ হৈ অহা দেখিবলৈ পোৱা যায়৷ কিন্তু এইখন অসমতে এনে কিছুমান কাণ্ড সংঘটিত হ’ব ধৰিছে, যিবোৰ কাণ্ডই অসমবাসীকে লজ্জানত কৰি তুলিছে৷