মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত গংগা নগৰত অৱস্থিত মিছামাৰী শাখা ভাৰতীয় তেল নিগমৰ কৰ্মচাৰীৰ আৱাসস্থলীৰ পৰা আজি এগৰাকী ছাত্ৰীৰ মৃতদেহ চিলিং ফেনত চিপজৰী লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা ঘটনাটোৱে ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, আস্থা গুৰুং (১৪) নামৰ এগৰাকী কিশোৰীক মিছামাৰী শাখা ভাৰতীয় তেল নিগমৰ কৰ্মচাৰী কংকা গুৰুং আৰু তেওঁৰ পত্নী সাৰদা গুৰঙে সৰুতে কংকাৰ খুলশালী শ্যাম থাপাৰ হাতৰ পৰা আনি তুলনীয়া কন্যা কৰি লয় আৰু মিছামাৰী কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। কিশোৰী গৰাকী সৰু অৱস্থাত স্বামী-স্ত্ৰী হালৰ মৰমৰ আছিল যদিও ক্ৰমান্বয়ে ডাঙৰ হোৱাত আস্থাক বনকৰা ছোৱালী হিচাপে ব্যৱহাৰৰ কৰিবলৈ আৰম্ভ কৰে।