ডিজিটেল ডেস্কঃ নাগালেণ্ডক লাগে এতিয়া পাকিস্তানৰ সহায়! ভাৰতৰ পৰা সাৰ্বভৌমত্ব লাভৰ ক্ষেত্ৰত নাগালেণ্ডক লাগে চিৰ বৈৰী ৰাষ্ট্ৰখনৰ সহায়। এগৰাকী নগা যুৱতীয়ে সমগ্ৰ নাগালেণ্ডবাসীৰ হৈ এতিয়া শৰণাপন্ন হৈছে পাকিস্তানৰ ওচৰত। কেৱল সিমানেই নহয় নগা যুৱতীগৰাকীয়ে ফেচবুকত উপলব্ধ এটি ভিডিঅ’ ক্লিপত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা জ্বলাই দিয়া দেখা গৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ১ মিনিট ৩২ ছেকেণ্ডৰ ভিডিঅ’টোত যুৱতীগৰাকীয়ে NSCN-IM-এ দাবী কৰি অহা ‘নাগালিম’ৰ পতাকাৰ দৰে বেকগ্ৰাউণ্ডৰ সমুখত থিয় হৈ ভাষণ দি থকা দেখা গৈছে।