আগৰতলাঃ ত্ৰিপুৰাত এগৰাকী যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেইবাটাওঁ হত্যা কাণ্ডই জোকাৰি যোৱা ত্ৰিপুৰাত যুৱতীৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে শাসকীয় চিপিআইএমক উভতি ধৰে বিজেপিয়ে৷
ৰাজনীতি নতুন বিষয় বস্তু হৈ পৰিছে যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনা৷ কিয়নো বিজেপিৰ মহিলা মৰ্চাই যুৱতীগৰাকীৰ পৰিয়াল বিজেপি দলৰ সক্ৰিয় কৰ্মী বুলি দাবী কৰে৷ যুৱতীগৰাকীক গণ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ত্ৰিপুৰাত৷
খোয়াই জিলাৰ চাম্পাহাউৰ থানাৰ অন্তৰ্গত উগলাবাৰীত সংঘটিত হয় এই ঘটনা৷ মৃতদেহ উদ্ধাৰ হোৱাৰ ঠাইৰ পৰা কিছু নিলগত যুৱতীগৰাকীৰ ঘৰ বুলি জানিব পৰা গৈছে৷ ডিঙি কাটি হত্যা কৰাৰ সন্দেহ কৰি হত্যাৰ পূৰ্বে ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে যুৱতীগৰাকীক৷
হত্যা কৰি ৰাবাৰ বাগানত পেলাই থৈ যায় দুৰ্বত্তই৷ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় মৃতদেহ৷ চাম্পাহাউৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷ যুৱতীগৰাকীৰ পৰিয়াল বিজেপি দলৰ সৈতে জড়িত বুলি দাবী কৰে ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই৷