ডিজিটেল ৰিপ’ৰ্টঃ চৌদিশে কেৱল ধৰ্ষণ, নাৰী নিৰ্যাতন। বিপৰীতে প্ৰেমৰ অপমৃত্যু। পৰিস্থিতি এনে পৰ্যায় পাইছে যে এই মুলুকত প্ৰেমিক-প্ৰেমিকাই মুকলি মনেৰে বহি প্ৰেমালাপ কৰিবলৈকো ঠাইৰ অভাৱ। হোটেললৈ গ’লেও সকলোৱে কেৰাহীকৈ চাই। পাৰ্কলৈ গ’লেও দুষ্টবুদ্ধিৰ লোকে ঠাট্টা-মস্কৰা কৰে। চৰিত্ৰক লৈও উত্থাপন কৰে প্ৰশ্নৰ। এনে পৰিস্থিতিত বহুতে কেতিয়াবা প্ৰকৃতিৰ নিৰ্জনতাকে প্ৰেমালাপৰ বাবে বাছি লয়। পিছে প্ৰকৃতিৰ নিৰ্জনতাত প্ৰেমালাপ কৰাতোও এতিয়া সহিব নোৱৰা হৈছে একাংশ চকু-চৰহা লোকে।
প্ৰেম স্বৰ্গীয় বুলি ধাৰণা থকা সমাজতে এতিয়া একাংশ লোকৰ হাতত ধৰাশায়ী হৈছে প্ৰেম। এনে এক ঘটনাই সংঘটিত হ’ল কামৰূপ গ্ৰাম্য জিলাৰ এক বিশেষ স্থানত। পৰ্যটনস্থলী হিচাপে বিখ্যাত এই স্থানত ৬জনীয়া এটা যুৱকৰ দলে এহাল প্ৰেমিক-প্ৰেমিকাৰ ওপৰত জপিয়াই পৰাৰ বাতৰি পোৱা গৈছে।