ডিজিটেল ৰিপ'ৰ্টঃ চৌদিশে কেৱল ধৰ্ষণ, নাৰী নিৰ্যাতন। বিপৰীতে প্ৰেমৰ অপমৃত্যু। পৰিস্থিতি এনে পৰ্যায় পাইছে যে এই মুলুকত প্ৰেমিক-প্ৰেমিকাই মুকলি মনেৰে বহি প্ৰেমালাপ কৰিবলৈকো ঠাইৰ অভাৱ। হোটেললৈ গ’লেও সকলোৱে কেৰাহীকৈ চাই। পাৰ্কলৈ গ’লেও দুষ্টবুদ্ধিৰ লোকে ঠাট্টা-মস্কৰা কৰে। চৰিত্ৰক লৈও উত্থাপন কৰে প্ৰশ্নৰ। এনে পৰিস্থিতিত বহুতে কেতিয়াবা প্ৰকৃতিৰ নিৰ্জনতাকে প্ৰেমালাপৰ বাবে বাছি লয়। পিছে প্ৰকৃতিৰ নিৰ্জনতাত প্ৰেমালাপ কৰাতোও এতিয়া সহিব নোৱৰা হৈছে একাংশ চকু-চৰহা লোকে। 

প্ৰেম স্বৰ্গীয় বুলি ধাৰণা থকা সমাজতে এতিয়া একাংশ লোকৰ হাতত ধৰাশায়ী হৈছে প্ৰেম। এনে এক ঘটনাই সংঘটিত হ’ল কামৰূপ গ্ৰাম্য জিলাৰ এক বিশেষ স্থানত। পৰ্যটনস্থলী হিচাপে বিখ্যাত এই স্থানত ৬জনীয়া এটা যুৱকৰ দলে এহাল প্ৰেমিক-প্ৰেমিকাৰ ওপৰত জপিয়াই পৰাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত বাতৰি মতে, বৃহস্পতিবাৰে এহাল প্ৰেমাস্পদে মনৰ কথা পাতিবলৈ উক্ত স্থানত প্ৰকৃতিৰ নিৰ্জনতাত বহি এখন্তেক জিৰাইছিল। সেই সময়তে আগমন ঘটে নৰপিশাচৰূপী যুৱকৰ দলটোৰ। যুৱকৰ দলটোৰ হাতে হাতে মোবাইল। প্ৰেমত নিমগ্ন হৈ থাকোতে কোন সময়ত পাষণ্ডৰ দলটোৱে সেই স্থান পালে সেয়া তেওঁলোকে টলিকবই নোৱাৰিলে। 

লগে লগে যুৱকৰ দলটোৱে মোবাইলৰ কেমেৰা অন কৰি ৰেকৰ্ডিং আৰম্ভ কৰে। ৰেকৰ্ডিং আৰম্ভ কৰিয়েই এজন যুৱকে যুৱতীগৰাকীৰ গাত হাত দিয়ে। যুৱতীগৰাকীৰ কাপোৰ খুলি বক্ষ উন্মোচন কৰি পেলায়। যুৱকজনক যুৱতীগৰাকীৰ কাষৰ পৰা টানি নিয়ে। অসহায় যুৱতীগৰাকীয়ে প্ৰেমিকৰ মুখলৈ সহায়ৰ বাবে চাই যদিও পাষণ্ডৰ হাতত বন্দী প্ৰেমিকজনো তেতিয়া তেনেই অসহায় হৈ পৰে। এনে অসহায় অৱস্থাৰ সুযোগ লৈ পাষণ্ডৰ দলটোৱে যুৱতীগৰাকীৰ শৰীৰৰ ওপৰৰ অংশৰ কাপোৰ প্ৰায় খুলি পেলায় আৰু ৰেকৰ্ডিং কৰে। ৰেকৰ্ডিঙৰ লগে লগে যুৱতীগৰাকীৰ ওপৰত অব্যাহত থাকে নিৰ্যাতন। 

এনেদৰে কেবা মিনিট নিৰ্যাতন চলাই যুৱকৰ দলটোৱে ধন নিদিলে ভিডিঅ’ ৰাজহুৱা কৰি দিয়া হ’ব বুলি যুৱক-যুৱতীহালক ভাবুকি প্ৰদান কৰে। নিৰ্যাতিতা যুৱতীগৰাকীয়ে পাষণ্ড কেইজনক দাদা সম্বোধন কৰি এৰি দিবলৈ কাতৰ অনুৰোধ জনায়।

:'প্লিজ দাদা আমাক যাবলৈ দিয়ক প্লিজ। আপোনালোকে যি কৰিবলগীয়া আছে কৰিলে। ৰেকৰ্ডিং কৰিলে, মোৰ গাত হাত দিলে। এতিয়া প্লিজ যাবলৈ দিয়ক।’-যুৱতীগৰাকীৰ এনে কাকুতি-মিনতি শুনি পাষণ্ডৰ দলটোৱে ওলোটাই যুৱতীগৰাকীক ধমকিহে দিয়ে।

'তই বহু ল’ৰাক এনেকৈ ধ্বংস কৰিছ। তই বহু ল’ৰাৰ লগত ........ কৰিছ। আমাকো এবাৰ চান্স দে। আমিও তোক.................. চাও।’-এজন পাষণ্ডই কয়। 

'আমাক............ নিদিলে এতিয়াই টিভি চেনেলত দি দিম তোৰ নেকেড ভিডিঅ’। হয় পইছা দে, নহয় আমাক তই .................... দে।’-আন এজন পাষণ্ডই কয়।

ইতিমধ্যে এই ভিডিঅ’ হোৱাটছএপত বিয়পি পৰা বুলি জানিব পৰা গৈছে। দাবী কৰা মতে ধন আদায় নিদিয়া বাবেই ভিডিঅ’টো পাষণ্ড যুৱককেইজনে এৰি দিয়া বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চাপে। ইফালে এই নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছতে এইবাৰ ছ’চিয়েল মিডিয়া ফেচবুকত পুনৰ নিৰ্যাতন কৰা হৈছে যুৱতীগৰাকীক।

৭৭ হাজাৰৰো অধিক সদস্য থকা বড়োলেণ্ড নিউজ লাইভ এক্সক্লুছিভ নামৰ এটি ফেচবুক গোটত যুৱতীগৰাকীক নিৰ্যাতন চলোৱা উক্ত ভিডিঅ’টো কোনো ধৰণৰ সম্পাদনা নকৰাকৈ 'বডোছা ফাগলা বেকাৰ’ নামৰ একাউণ্ট এটাৰ পৰা সম্পূৰ্ণকৈ আপলোড কৰা হৈছে। লোকজনে গ্ৰুপটোত ভিডিঅ’টো আপলোড কৰিয়েই ক্ষান্ত থকা নাই। সেয়া আপলোড কৰি লোকজনে তৃতীয়বাৰলৈ নিৰ্যাতন চলাই যুৱতীগৰাকীক 'অবড়ো বেশ্যা’ আখ্যা দি জাতি বিদ্বেষী মন্তব্য কৰাও পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৭৭ হাজাৰৰো অধিক লোক থকা এই গ্ৰুপটোত প্ৰতিদিনে বড়ো আন্দোলনৰ খা-খবৰৰ লগতে বিটিএডি অঞ্চলৰ বিভিন্ন খা-খবৰ সদস্যসকলে আপলোড কৰি অহাৰ লগতে সেই সম্পৰ্কে আলোচনাও চলে। গ্ৰুপটোৰ কভাৰ ফটোত আছে উৰ্খাও গৌৰা ব্ৰহ্ম, ৰঞ্জন দৈমাৰী, অঞ্জলি দৈমাৰীকে আদি কৰি একাধিক বড়ো সংগঠনৰ নেতাৰ ফটো। তেনে এটি গ্ৰুপত এডমিনে কি কাৰণত এই ধৰণৰ ভিডিঅ’ তথা জাতি বিদ্বেষী পোষ্ট এপ্ৰুভ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

ইফালে প্ৰেমক হত্যা কৰা হোৱা উক্ত স্থানৰ একাংশ লোকে জানিবলৈ দিয়ে যে অঞ্চলটোত দীৰ্ঘদিন ধৰি এটা দুষ্ট চক্ৰই এনেদৰে প্ৰেমিক-প্ৰেমিকাক নিৰ্যাতন চলাই সেয়া ৰেকৰ্ডিং কৰি ধন সংগ্ৰহ কৰি আহিছে। দিনদিয়েক পূৰ্বে আৰু এহাল প্ৰেমিক-প্ৰেমিকাক এনেদৰে ভাবুকি প্ৰদানেৰে দুষ্টচক্ৰটোৱে ধন দাবী কৰা বুলিও জানিব পৰা গৈছে। শীঘ্ৰে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈকো আৰক্ষীক দাবী জনাইছে সচেতনমহলে।

• With inputs from NNO Mushalpur Mr. Utpal Kr. Kalita and NNO Rangia • 

(সম্পাদকৰ টোকাঃ এনে ঘটনাই বাৰে বাৰে সভ্য সমাজক কলংকিত কৰি আহিছে। বিগত কিছুদিন ধৰি আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে এনে ঘটনা। তালৈ চাই এইধৰণৰ ঘটনাৰ বা-বাতৰিবোৰ প্ৰকাশ কৰাতো উচিত নে অনুচিত সেই লৈ পঢ়ুৱৈসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। বিষয়টো সম্পৰ্কত সিদ্ধান্তত উপনীত হোৱাতো সহজ নহয় যদিও এটা কথা ক'ব পাৰি যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোণস্বৰূপ। সমাজত যিবোৰ ঘটে সেইবোৰ দাপোণস্বৰূপ সংবাদ মাধ্যমত প্ৰতিফলিত হোৱাটোৱেই স্বাভাৱিক।)