ধুবুৰীঃ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত আজি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত এক অঘটনত কথমপি ৰক্ষা পৰে এগৰাকী যুৱতী। প্ৰাপ্ত বাতৰি মতে অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন লঞ্চেৰে ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখে গৈ আছিল যুৱতীগৰাকী।
কিছু দূৰ যোৱাৰ পিছতে বহন ক্ষমতাতকৈ অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া লঞ্চখনত হেঁচা-ঠেলা হোৱাত দুৰ্ভাগ্যৱশতঃ এগৰাকী যুৱতী ব্ৰহ্মপুত্ৰ পানী যুঁৱলিত পৰি যায়। লগে লগে স্থানীয় ৰাইজে যন্ত্ৰচালিত নাঁৱেৰে যুৱতীগৰাকীক উদ্ধাৰ কৰি ফকিৰগঞ্জ মিনি চিকিৎসালয়ত ভৰ্তি কৰায়।