61
মঙলদৈঃ যুৱতীৰ সৈতে সম্পৰ্ক গঢ়িবলৈ নাম সলনি কৰা এজন যুৱক। দীৰ্ঘদিন ধৰি ভুৱা নামেৰে এগৰাকী যুৱতীক প্ৰেমৰ অভিনয়ৰে জালত পেলাইছিল যুৱকজনে। প্ৰেমত মচগুল হৈ পৰা যুৱতীগৰাকীয়ে যুৱকজনৰ এনে অসৎ উদ্দেশ্যৰ কোনো উম-ঘামেই পোৱা নাছিল।
প্ৰাপ্ত বাতৰি মতে, হোৱাটছএপত ৰং মেছেজিঙৰ জৰিয়তে চিনাকি হৈছিল দুয়োৰে। প্ৰথমে চিনাকি, দুই এদিন বাৰ্তালাপ। তাৰ পিছত প্ৰেম। এনেকৈয়ে দুয়োৰে সম্পৰ্কই ভৰি দিছিল ডেৰ বছৰত।