দলংঘাটঃ দৰং জিলাৰ বাবে গৌৰৱ কঢ়িয়াই কলাইগাঁৱ সমষ্টিৰ অন্তৰ্গত উদমাৰী গাঁৱৰ অনুপম চহৰীয়া আৰু জিতুমণি চহৰীয়াৰ কন্যা শিশু কন্ঠশিল্পী মানসী চহৰীয়াই ‘& TV’য়ে আয়োজন কৰা ভয়চ অৱ ইণ্ডিয়া কিডছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে বাচনি হৈছে।
ইতিমধ্যো মানসীয়ে পিতৃ মাতৃ সহিতে মুম্বাইৰ ‘& TV’ত গৈ উপস্থিত হৈছে। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মানসী চহৰীয়াই প্ৰায় চাৰি বছৰ বয়সৰ পৰাই সংগীত জগতখনত প্ৰৱেশ কৰি বিভিন্ন মঞ্চত গীত নৃত্য পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷