Home ৰাজ্য১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ, জীৱন্তে জ্বলাই হত্যা

১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ, জীৱন্তে জ্বলাই হত্যা

by News Desk
56 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ মাজতে শুকুৰবাৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম বংগৰ নদিয়া জিলাত৷ নদিয়াৰ কৃষ্ণ নগৰৰ ৰাইহুইদা ৰেলৱে আৱাসগৃহত এই ঘটনা সংঘটিত হয়৷ অষ্টমীৰ নিশাৰ পৰা কৃষ্ণ নগৰৰ এগৰাকী কিশোৰী নিৰুদ্দেশ হৈ আছিল৷ তাৰ পিছতে শনিবাৰে কিশোৰীগৰাকীৰ অগ্নিকাণ্ড মতদেহ উদ্ধাৰ হয়৷

জানিব পৰা মতে, কিশোৰীগৰাকীক কৃষ্ণ নগৰৰে অমলেশ নামৰ যুৱক এজনে প্ৰেমৰ প্ৰস্তাৱ দিয়ে৷ কিশোৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাত বিয়াৰ প্ৰস্তাৱ দিয়ে৷ কিশোৰীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱো গ্ৰহণ নকৰাত অষ্টমীৰ দিনাখন কিশোৰীগৰাকীৰ ঘৰত কোনোলোক নথকাৰ সুযোগ গ্ৰহণ কৰি অমলে তাইক অপহৰণ কৰে৷ অপহৰণ কৰি নিজ ঘৰলৈ নিয়ে অমলে৷ অমল আৰু বন্ধু জনে কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে৷ কেৰাচিন ঢালি জীৱন্তে জ্বলাই হত্যা কৰে ১৭ বছৰীয়া কিশোৰীগৰাকীক৷ ইতিমধ্যে নদিয়া আৰক্ষীয়ে অমলৰ আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0