90
বিহালীঃ বিহালীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণ কাণ্ড ৷ শেহতীয়াকৈ পোহৰলৈ অহা এই ধৰ্ষণ কাণ্ডই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে বিহালীত৷
জানিব পৰা মতে, যোৱা ৩ জুলাইৰ নিশা প্ৰায় ১২বজাত তিনিজনীয়া পাষণ্ডৰ দলে গভীৰ নিশা অতি সংগোপনে বাসগৃহত প্ৰৱেশ কৰি নিদ্ৰাৰত এগৰাকী ২৪ বছৰীয়া যুৱতীক মুখত কাপোৰ বান্ধি বিচনাৰ পৰা উঠাই নিয়ে। শোৱাপাটীৰ পৰা এনেকৈ উঠাই নি বাসগৃহৰ নাতি দূৰৈত বাটতে যুৱতীগৰাকীক আৰু কেইজনমানৰ সৈতে লগ হৈ ধৰ্ষণ কৰে৷