কোকৰাঝাৰঃ সুদীৰ্ঘ ৮ মাহৰ অন্তত পশ্চিমবংগৰ শিলিগুৰিৰ ৰেডলাইট এলেকাৰ পৰা কোকৰাঝাৰ অাৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল এগৰাকী নাৱালিকাক। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁঁও মহকুমাৰ চৰাইবিল, ৰাজেন্দ্ৰপুৰৰ পৰা এই নাবালিকাগৰাকী বিগত বৰ্ষৰ ১১ জুলাইত সন্ধানহীন হৈছিল।
পৰিয়ালৰ লোকে বহু বিচাৰ-খোচৰ কৰাৰ পিছতো নাৱালিকা গৰাকীৰ সন্ধান নোপোৱাত অৱশেষত অাৰক্ষীৰ কাষ চাপিছিল। অাৰক্ষীয়ে গোচৰ ৰুজু কৰি সংগোপনে সন্ধানত ব্ৰতী হোৱাৰ পিছত অৱশেষত নাৱালিকাগৰাকী শিলিগুৰিৰ ৰেড লাইট এলেকাত থকাৰ তথ্য লাভ কৰে।