প্ৰতিকী ফটো

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত মহৰিপাৰা অঞ্চলৰ টেঙাঝাৰ কলবাৰী গাঁৱৰ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰে। জানিব পৰা মতে সৰোজনী কলিতা(২২) নামৰ যুৱতী গৰাকীয়ে গাত কেৰাচিন তেল ঢালি অগ্নিসংযোগ কৰাৰ ফলত তেওৰ মৃত্যু হয়৷

যুৱতীগৰাকী মানসিক বিকাৰগ্ৰস্ত আছিল বুলি জনা গৈছে। অগ্নিসংযোগৰ ফলৰ দেহৰ বেছি অংশ জ্বলি যোৱাত যুৱতীগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷ আৰক্ষীয়ে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।