Daily Post India
Daily Post India

ডিজিটেল ডেস্কঃ মুম্বাইত পুনৰ সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা৷ মায়ানগৰী মুম্বাইৰ এখন মেডিকেল কলেজত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আত্মহত্যাই মেডিকেল কলেজখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা অনুসৰি মঙ্গলবাৰে দুপৰীয়াৰ ভাগত এগৰাকী ২০ বছৰীয়া ছাত্ৰীয়ে মুম্বাই নায়ৰ মেডিকেল কলেজৰ হোষ্টেলত নিজ কোঠাৰ চিলিং ফেনত ছিপ লৈ আত্মহত্যা কৰে৷ ছাত্ৰী গৰাকীৰ নাম ভাগ্যলক্ষ্মী গৌতমাচন্দ্ৰ বুলি জানিব পৰা গৈছে৷

ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পাছেত কালাচৌকি আৰক্ষী উপস্থিত হৈ ছাত্ৰী গৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আৰক্ষীৰ মন্তব্য অনুসৰি, পৰীক্ষাৰ নম্বৰৰ বাবেই হতাশাত ভূুগি অাত্মহত্যাৰ দৰে পথ বাছি ল’লে ভাগ্যলক্ষ্মীয়ে৷ ছাত্ৰী গৰাকীৰ এনে এটা সিদ্ধান্তৰ বাবেই বতৰ্মান মেডিকেল কলেজখনৰ শৈক্ষিক পৰিৱেশ বিনস্ত হৈছে৷

উল্লেখ্যযোগ্য যে, ভাৰতবৰ্ষত সংঘটিত হোৱা আত্মহত্যাৰ ১৪ শতাংশই সংঘটিত হয় মহাৰাষ্ট্ৰত৷ আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ ব্যক্তিয়ে আত্মহত্যা কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি ২০১২ চনত ভাৰতবৰ্ষত মুঠ, ২৫৮,০৭৫ জন ব্যক্তিয়ে আত্মহত্যা কৰে৷ ইয়াৰে ৯৯,৯৭৭ জন মহিলা আৰু ১৫৮,০৯৮ জন পুৰুষ বুলি সমীক্ষাত প্ৰকাশ পায়৷