তেজপুৰঃ নাৰীক স্বাভিমানৰ প্ৰতীক হিচাপে গণ্য কৰে অসমীয়া সমাজে। কোনো নাৰীয়েই আত্মমৰ্যদা একাষৰীয়াকৈ থৈ আনৰ ঘৰত বন কৰিবলৈ মানসিকভাৱে প্ৰস্তুত নহয়। কিন্তু জীৱনৰ কঠিন বাস্তৱৰ সৈতে মুখামুখি হোৱা একাংশ কিশোৰীয়ে জীৱন-যৌৱন বন্ধকত থৈ আনৰ ঘৰত বন কৰিবলৈ বাধ্য হৈ পৰে।
এনে অসহায় অৱস্থাৰ সুযোগ লৈয়ে তেজপুৰ চহৰৰ গণেশ ঘাটৰ সমীপৰ ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী অভিজিৎ ময়ূৰ আৰু তেওঁৰ পত্নীয়ে ঢেকীয়াজুলি ননকে গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ১৩ বছৰীয়া কিশোৰী এগৰাকীক ভৰণ-পোষণৰ দায়িত্ব লৈ বনকৰা ছোৱালী হিচাপে ঘৰলৈ আনিছিল।