তেজপুৰঃ এগৰাকী যুৱতীৰ কাহিনী৷ যিয়ে জীৱন যুদ্ধত কেতিয়াও হাৰ মনা নাই৷ অসংখ্য যন্ত্ৰনা, কষ্টক গা পাতি লৈও সদম্ভে আগবাঠিছে জীৱনৰ ৰণত৷ তথাপি কেতিয়াবা যেন তাই নিজেই থমকি ৰয়৷ সুখৰ পখিলা এটা খেদি খেদি হঠাৎ যেন তাই ভাগৰি পৰে৷ জীৱনৰ ২২ বসন্ত পাৰ কৰা যুৱতী গৰাকীয়ে কেতিয়াবা খোজ কাঢ়ি মৰুৰ বুকুত মৰিচিকা বিচৰাৰ সপোন ৰচে৷ কেতিয়াবা থাপ মাৰি চিঙি আনিব বিচাৰে হেপাঁহৰ তৰা এটা৷ কিন্তু তাই নোৱৰে৷ জীৱনৰ সতে যুঁজ দি ২২ টা বসন্ত পাৰ কৰিলেও কোনোবা খিনিত যেন তাই নিজকে হাৰি যোৱা অনুভৱ কৰে৷ কিন্তু কাৰ সতে তাই হাৰে, সেয়া তাই নিজেই নাজানে৷
নগাঁৱৰ জুতিকা শইকীয়া নামৰ যুৱতীগৰাকীয়ে জন্মগত ভাৱে বাওঁভৰি খন নথকা স্বত্তেও যুঁজ দি গৈছে জীৱনৰ সৈতে৷ দুখীয়া পৰিয়ালৰ জুতিকাই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত গুৱাহাটী বিশ্ববিদ্যালৰ আইডলৰ যোগে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। বৰ্তমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত জুতিকাই DELED পাঠ্যক্ৰমটো নামভৰ্তি কৰিছে। জীৱন যুঁজত কাহানিও ভাগৰি নপৰা মেধা সম্পন্ন জুতিকাইও বিচাৰে আন দহজনী ছোৱালীৰ দৰে দুভৰিৰে খোজ কাঢ়ি পৃথিৱীৰ পৰিধি বিচাৰিবলৈ।