ডিজিটেল ৰিপ’ৰ্টঃ নিৰ্যাতন, ধৰ্ষণৰ বাতৰিয়ে বিভিন্ন সময়ত ৰাজ্য তোলপাৰ লগোৱাৰ সময়তে পুনৰ মহিমামণ্ডিত হৈ পৰিল নাৰী শক্তি। মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত দুখ লগাকৈ পিছ পৰি ৰ’ল ছাত্ৰ সমাজ। বিশেষকৈ কলা শাখাত শীৰ্ষত্বৰ যুঁজত নাৰী শক্তিৰ সমুখত তেনেই নিষ্প্ৰভ হৈ পৰে পঢ়া-শুনাত মতি-গতি ভাল নহয় বুলি বদনাম থকা ছাত্ৰসকল।
এইবাৰ কলা শাখাত প্ৰথম দহটা স্থান লাভ কৰে মুঠ ২১গৰাকী শিক্ষাৰ্থীয়ে। ইয়াৰে ১৯ গৰাকী ছাত্ৰী হোৱাৰ বিপৰীতে ছাত্ৰৰ সংখ্যা হৈছে মাত্ৰ দুজন। ছাত্ৰীৰ সৈতে কোনোমতে ফেৰ মাৰি তালিকাত অন্তৰ্ভূক্ত হ’বলৈ সমৰ্থ হোৱা এই ছাত্ৰ দুজন হৈছে লখিমপুৰৰ অংকিত মিত্ৰ আৰু মঙলদৈৰ জ্যোতিষ কলিতা।