newsnextone.com | ধিং/জাজৰিঃ ৰাজ্যৰ থলুৱা ইছলামধৰ্মীসকলৰ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে বুধবাৰে নগাঁও জিলাৰ ধিঙৰ সোণাৰীগাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ অসমীয়া জাতীৰ জীৱনৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি অহা সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷ সভাত কেইবাগৰাকী কেন্দ্ৰীয় নেতাই থলুৱা ইছলামধৰ্মী খিলঞ্জীয়াক ডি-ভোটৰৰ জাননী জাৰি কৰাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷
কেইবা শ বছৰ ধৰি অসমত বসবাস কৰি অহা অসমৰ ইছলামধৰ্মীসকলক কেইবছৰ মান পূৰ্বে অহা মুছলমানৰ সৈতে একাকাৰ কৰি বাংলাদেশী সজাই শেহতীয়াকৈ ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ দি অসমৰ সমাজ জীৱনত অৱদান আগবঢ়াই অহা অসমৰ থলুৱা ইছলামধৰ্মীসকলক অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পাই অহা বুলি কয় সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানে৷ অসমৰ ইছলামধৰ্মীসকল কোনো ঠাইৰ পাৰ অহা মানুহ নহয় বুলি কৈ অসমৰ ভূমিপুত্ৰসকলৰ বংশধৰ বুলি কয়৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ পাৰ বিভিন্ন কাৰণত ধৰ্মহে পৰিৱৰ্তন কৰা লোকক আজি গৰিয়া বুলি জনা যায় বুলি কয় ৰহমানে৷