নগাঁও টাউনঃ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত প্ৰাক্তন আলফা ঐক্যমঞ্চ, নগাঁও সমিতিয়ে গ্ৰহণ কৰিছে এক সুদূৰপ্ৰসাৰী জনকল্যাণমূলক কাৰ্যসূচী৷ “গছ ৰুৱক, মানুহ বচাওঁক” শীৰ্ষক বাণীৰে দেওবাৰৰ পৰা সমিতিয়ে নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ উৰিয়াগাঁও পৰ্যন্ত সৰ্বমুঠ ১৪ কিলোমিটাৰ পথ সেউজীয়া কৰাৰ সংকল্প গ্ৰহণ কৰে ৷
গছপুলি ৰোপণৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই। শইকীয়াই প্ৰাক্তন আলফা ঐক্যমঞ্চ, নগাঁও সমিতিৰ এই কাৰ্যসূচীৰ প্ৰশংসা কৰি ৰাইজক সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।