পানাজিঃ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱান্তে উপ-মুখ্যমন্ত্ৰী তথা মিত্ৰদল মহাৰাষ্ট্ৰৱাদী গোমন্তক পাৰ্টী (এমজিপি)ৰ নেতা সুদিন ধাৱালিকাৰক বৰ্খাস্ত কৰে। এমজিপিৰ দুই বিধায়কে বিজেপিত যোগদান কৰাৰ পাছতে গুৰুত্বহীন হৈ পৰা আঞ্চলিক দলটোৰ বিধানসভাৰ একমাত্ৰ সদস্য তথা উপ-মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰা হয়।
অৱশ্যে মুখ্যমন্ত্ৰী ছাৱন্তে কয় যে সুদিন ধাৱালিকাৰে চৰকাৰ-বিৰোধী কামত লিপ্ত হোৱাৰ বাবে তেওঁক কেবিনেটৰ পৰা আঁতৰোৱা হৈছে। সদ্য অপসাৰিত উপ-মুখ্যমন্ত্ৰীজনৰ ভাতৃয়ে শিৰোদা বিধানসভা সমষ্টিৰপৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ল বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ছাৱন্তে।