পানাজিঃ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱান্তে উপ-মুখ্যমন্ত্ৰী তথা মিত্ৰদল মহাৰাষ্ট্ৰৱাদী গোমন্তক পাৰ্টী (এমজিপি)ৰ নেতা সুদিন ধাৱালিকাৰক বৰ্খাস্ত কৰে। এমজিপিৰ দুই বিধায়কে বিজেপিত যোগদান কৰাৰ পাছতে গুৰুত্বহীন হৈ পৰা আঞ্চলিক দলটোৰ বিধানসভাৰ একমাত্ৰ সদস্য তথা উপ-মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰা হয়।

অৱশ্যে মুখ্যমন্ত্ৰী ছাৱন্তে কয় যে সুদিন ধাৱালিকাৰে চৰকাৰ-বিৰোধী কামত লিপ্ত হোৱাৰ বাবে তেওঁক কেবিনেটৰ পৰা আঁতৰোৱা হৈছে। সদ্য অপসাৰিত উপ-মুখ্যমন্ত্ৰীজনৰ ভাতৃয়ে শিৰোদা বিধানসভা সমষ্টিৰপৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ল বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ছাৱন্তে।

উল্লেখ্য যে এমজিপিৰ গোৱা বিধানসভাত তিনিজন সদস্য আছিল যদিও ইয়াৰে দুজন বিধায়কে বিজেপিত যোগদান কৰাত একমাত্ৰ ধাৱালিকাৰ বাকী থাকেগৈ। বুধবাৰৰ পুৱতি নিশাৰ এই সিদ্ধান্তক সদ্য অপসাৰিত উপ-মুখ্যমন্ত্ৰীজনে 'চকীদাৰৰ ডকাইতি’ বুলি মন্তব্য কৰে।

সুদিন ধাৱালিকাৰৰ অপসাৰণৰ বিষয়ে ৰাজ্যপাল মৃদুলা সিনহাক জনোৱা হৈছে আৰু অতি শিঘ্ৰে খালী হোৱা স্থান পূৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ছাৱন্তে।