73
গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে গোৱালপাৰা জিলাত এইবাৰ ভূতৰ ওপৰত দানহ স্বৰূপ হৈ পৰিছে বানপানী। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোপাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল।
জিলাখনৰ বলবলা, চান্দমাৰী, ৰংচাই, মাৰকুলা আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে গাৰোপাহাৰৰ পৰা বৈ অহা বাঢ়নী পানীয়ে। কিছু অঞ্চল মুকলি হৈছে যদিও এতিয়াও বুৰ গৈ আছে একাধিক অঞ্চল।