গোৱালপাৰাঃ গোৱালপাৰাত তিনিজনকৈ লোকৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ খবৰে জিলাখনৰ সৰ্বসাধাৰণৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলকো উদ্বিগ্ন কৰি তোলা দেখা গৈছে। ইমানেই নহয়, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলে স্বাস্থ্য বিভাগৰ 'ঢাল-তৰোৱাল নাইকিয়া নিধিৰাম চৰ্দাৰ’ সদৃশ অৱস্থাৰ বাবে প্ৰতিবাদ কৰিবলৈকো বাধ্য হৈ পৰে।
কভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰিবলৈ চিকিৎসালয়খনত হেণ্ডগ্ল’ভছ, মাস্ক, ছেনিটাইজাৰ, পোছাক-পৰিচ্ছদ আদি একোৱেই নথকাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু আন চিকিৎসাকৰ্মীসকলে। চিকিৎসালয়খনৰ আইছ'লেশ্যন কক্ষত তিনিজনকৈ ক’ভিড-১৯ৰ ৰোগীক ৰখা হোৱাৰ সময়তে চিকিৎসাকৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো।
কোনোধৰণৰ সুৰক্ষাজনিত ব্যৱস্থা নোহোৱাকৈ ক’ভিড-১৯ৰ ৰোগী কেইজনক এতিয়া চোৱাচিতা কৰিবলৈকো ভয় কৰিছে চিকিৎসক, নাৰ্ছ আৰু আন কৰ্মীসকলে। সুৰক্ষা সামগ্ৰী যোগান নধৰিলে নিজৰ লগতে আৰু হাজাৰজনৰ জীৱনলৈ ভাবুকি কঢ়িয়াই চিকিৎসা প্ৰদান কৰাতো সম্ভৱপৰ নহয় বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে অসমত ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পূৰ্বৰে পৰা সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থকা দেখা গৈছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ইমানৰ পিছতো গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৰোগবিধৰ চিকিৎসাৰ বাবে চিকিৎসা কৰ্মীসকলক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান নকৰাৰ খবৰে সকলোকে হতচকিত কৰি তুলিছে।
ইফালে, চিকিৎসা কৰ্মীসকলৰ বাবে ক’ভিড-১৯ প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰিবলৈ ২৩ মাৰ্চতে ১ কোটি ৬৫ লাখ টকা আৱণ্টন দিয়াৰ পাছতো গোৱালপাৰাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালকে কোনো সামগ্ৰী ক্ৰয় কৰা নাই বুলিও অভিযোগ অভিযোগ উঠিছে। ৩ জনকৈ ক’ভিড-১৯ ৰোগী চিকিৎসাধীন হৈ থকা সত্বেও অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকে আজি সময়মতে চিকিৎসালয়খনত উপস্থিত নোহোৱাতো ক্ষোভ প্ৰকাশ কৰিছে চিকিৎসাকৰ্মীসকলে।
অৱশ্যে প্ৰতিবাদ চলি থকা সময়ত চিকিৎসালয়খত উপস্থিত আছিল উপ-অধীক্ষক। কিন্তু NNOৰ তৰফৰ পৰা কি কাৰণত চিকিৎসা কৰ্মীসকলে প্ৰতিৰোধমূলক সামগ্ৰী নোহোৱাকৈ কৰ’নাক্ৰন্ত ৰোগীক চিকিৎসা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল সেয়া জানিব বিচৰাত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে উপ-অধীক্ষকগৰাকী।