গোৱালপাৰাঃ গ্ৰাম্য এলেকাৰ দৰিদ্ৰ শ্ৰমিক, খাটিখোৱা, দিনহাজিৰা কৰা লোকৰ বাবে উপযুক্ত চিকিৎসা সেৱা লাভ কৰাটো এতিয়া এক সপোন হে মাথোন৷ চৌদিশে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ মাজত চৰকাৰী চিকিৎসালয় সমূহে বাৰুকৈয়ে চিৎকাৰ কৰিব লগা হৈছে৷
চৰকাৰ তথা প্ৰশাসনৰ পৰিচৰ্যাৰ অভাৱত একাংশ চিকিৎসালয়ৰ গৃহ সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ ৰাজ্য খনৰ প্ৰতিটো অঞ্চলত থকা চিকিৎসালয় সমূহ যেন ক্ৰমান্বয়ে মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে৷ চিকিৎসালয় গৃহ-আৱাস গৃহৰ অভাৱ, মেৰামতিৰ অভাৱত চিকিৎসালয় গৃহ-আৱাস গৃহ জহি-খহি যোৱাৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱে জুৰুলা কৰিছে গ্ৰাম্য অঞ্চলৰ চিকিৎসালয় সমূহ৷