গোৱালপাৰাঃ যোৱা দহ বছৰ ধৰি পুখুৰী সদৃশ পথেৰে বোকা পানীৰ মাজেৰে আহ-যাহ কৰি আহিছে শ শ লোকে৷ এজাক বৰষুণ দিলে হাতত ছেণ্ডেল লৈ খোজকাঢ়িব লগা ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী চাকৰিয়ালে৷ পোন্ধৰৰ বছৰীয়া কংগ্ৰেছ চৰকাৰে পথটো মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰাৰ লগতে বিজেপি চৰকাৰ খনেও পথটো নিৰ্মাণ তথা মেৰামতিৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলিতোলাৰ জীয়াগুৰি-পালপাৰা সংযোগী পথৰ কদৰ্য অৱস্থাৰ বাবে বছৰৰ ৬-৭ মাহ যমৰ-যাতনা ভোগ কৰিব লগা হয় ৰাইজে৷ জীয়াগুৰি-পালপাৰা সংযোগী মথাউৰিটোক ৰাইজে বছৰ বছৰ ধৰি পথ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বৰষুণ দিলেই মথাউৰিত শালিখেতি, ৰবি খেতি আনকি ব’ৰ ধানৰ খেতিও কৰিব পৰা অৱস্থা হয়৷ জীয়াগুৰি, ফকিৰপাৰা,খেৰোপাৰা, গাছবাৰী আদি অঞ্চলৰ ৰাইজৰ একমাত্ৰ পথ এইটো৷