গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত সহঃ যোগ শিক্ষকক প্ৰমাণ পত্ৰ বিতৰণ কৰে পতঞ্জলি যোগ সমিতিয়ে৷ পতঞ্জলি যোগ সমিতিৰ বাক্সা জিলাৰ উদ্যোগত যোৱা ২৪ মে’ৰ পৰা ১৯ জুনলৈ অনুষ্ঠিত হোৱা ২৫ দিনীয়া সহঃ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থী সকলক আজি প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়।
গোৰেশ্বৰ হিন্দী স্কুল প্ৰাংগনত বাক্সা জিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ছত্ৰ বাহাদূৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। ইয়াৰ পূৰ্বে গোৰেশ্বৰ আঞ্চলিক পতঞ্জলি যোগ সমিতি খন সৰ্বসন্মতিক্রমে গঠন কৰা হয়।