সৰভোগঃ কোঁচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী বৰনগৰ।এই বৰনগৰৰ সুযোগ্য সন্তান শিল্পী,সাহিত্যিক,সাংবাদিক, সুৰকাৰ,গীতিকাৰ,বিশিষ্ট নাট্যকাৰ,বকুল বনৰ কবি, স্বাধীনতা সংগ্ৰামী গোকুল পাঠক সম্প্ৰতি অসুস্থ।বিগত কিছুদিন ধৰি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বৰপেটা জিলাৰ সৰভোগ নগৰৰ সাপনা গাঁৱত ১৯২৬ চনৰ ২৪ অক্টোবৰ জন্ম লভা ৯৩ বছৰীয়া শিল্পীগৰাকীৰ শাৰীৰিক অৱস্থা পূৰ্বতকৈ সুস্থিৰ৷
কিন্তুু তেওঁক দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হৈছে। বিশিষ্ট শিল্পীগৰাকীক চাৰিদিন পূৰ্বে জি এম চি এইচত ভৰ্তি কৰা হয়৷ শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্নজনে৷ আজি জি এম চি এইচৰ অধীক্ষক ড: ৰমেন তালুকদাৰৰ পৰা শিল্পী পাঠকৰ স্বাস্থ্যৰ বুজ লয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।