newsnextone.com | কাজিৰঙাঃ পোহৰ দিয়া নীপকোৱে আকৌ এন্ধাৰ নমাই আনিব পাৰে শ-শ পৰিয়ালৰ মাজলৈ। কিয়নো নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি হোৱাৰ ফলত গেট খুলি পানী এৰি দিয়াৰ বাবে সাজু হৈছে। সোমবাৰে পুৱা ৩২৩.৯৫ মিটাৰলৈ পানী বৃদ্ধি পাইছে বুলি জনোৱাৰ লগতে গেট খুলি পানী এৰিবলগীয়া হ’ব পাৰে বুলি প্ৰকাশ কৰে।
বৰ্তমান গেট বন্ধ কৰি থোৱা হৈছে যদিও জলপৃষ্ঠ স্পিলিং লেভেল ৩২৪ মিটাৰ অতিক্ৰম কৰিলে পুনৰ পানী এৰিব লগীয়া পৰিস্থিতি সৃষ্টি হব পাৰে বুলি কৰ্তৃপক্ষই মন্তব্য প্ৰকাশ কৰিছে। ফলত ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় নীপকোৱে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খন গেট খোলাৰ সিদ্ধান্ত লৈ ১৬ ঘণ্টাৰ ভিতৰত গেট খুলি দিব বুলি কয়। গেট খোলাৰ লগে লগে মহাপ্ৰলয়ৰ সৃষ্টি হ’ব সেয়া খাতাং।