66
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ বানাক্ৰান্তৰ কাষত গোলাঘাট জিলাৰ অধিবিদ্যা পৰিষদ৷ চলিত বানত ৰাজ্যৰ লগতে বোকাখাত মহকুমা বিস্তৰ ক্ষতি সাধন হয়৷ বহুতৰ ঘৰ-দুৱাৰ, আঁচবাব আদি বানে উটুৱাই নিয়াৰ লগতে ভঁৰালত থকা ধানো নষ্ট কৰি অধিক ক্ষতি সাধন কৰে৷
পানী শুকোৱাৰ পাছত আশ্ৰয় শিবিৰৰপৰা নিজৰ আপোন ঘৰখনলৈ উভতি গৈ বানাক্ৰান্ত ৰাইজে নিজৰ ঘৰৰ অৱস্থা দেখি মূৰে কপাঁলে হাত দিছে৷ আশ্ৰয় শিবিৰত সাহাৰ্য্য লাভ কৰিছিল যদিও ঘৰখনলৈ উভতি আহি এতিয়া অন্ধকাৰ দেখিছে৷