newsnextone.com।কাজিৰঙাঃ এটা মাহৰ ভিতৰত দুবাৰকৈ নীপকোৱে দৈয়াঙ জল বিদ্যুৎ প্ৰকল্পৰ এৰি দিয়া পানীৰ জলপ্ৰলয়ত বিধবস্ত কৰিছে মহুৰামুখৰ নিকৰি অঞ্চল। নীপকোৰ সৃষ্ট জলপ্ৰলয়ে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ মহুৰা মৌজাৰ নিকৰীৰ গুটুং-নিকৰি সংযোগী পথৰ এটা বৃহৎ অংশ ছিঙি নিয়াৰ লগতে নিকৰি শম্ভুৰাম মিৰি জানৰ ওপৰত থকা বাঁহৰ দলংখনো বানৰ প্ৰবল সোঁতে উটুৱাই নিয়ে।

গুটুং-নিকৰি সংযোগী পথটো গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ পাছত ভয়াবহ গৰাখহনীয়া সৃষ্টি হয়। গৰাখহনীয়াৰ কবলত পৰিছে নিকৰি শম্ভুৰাম মিৰি এম ই স্কুল আৰু ছয় নং নিকৰি এল পি স্কুল দুখন। বিদ্যালয় দুখন গৰাখহনীয়াই খহাই নিয়াৰ উপক্ৰম হোৱাত ৰাইজে বিদ্যালয়খনত হাতুৰীৰ কোব পেলাবলৈ বাধ্য হয়।

ৰাইজে বিদ্যালয় দুখনৰ গৃহৰ টিনপাতকে ধৰি সকলো আচবাব স্থানান্তৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। নিকৰি শম্ভুৰাম মিৰি এম ই স্কুলৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ প্ৰধান শিক্ষক পদ্ম লইঙে নিজে গঢ়া বিদ্যালয়খনত হাতুৰীৰ কোব পৰাত  হাতুৰীৰ কোববোৰ নিজৰ দেহত পৰাৰ দৰে অনুভৱ কৰা বুলি কৈ সাংবাদিকৰ সন্মুখতে হুকহুকাই কান্দি উঠে। বিদ্যালয় দুখনত অধ্যয়নৰত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত যেন অন্ধকাৰৰ দিশে গতি কৰিছে।

কিয়নো বিদ্যালয় দুখন গৰাখহনীয়াৰ কবলত পৰি নিঃশেষ হোৱাৰ প্ৰাকমুহূৰ্তত আচবাব সমূহ ৰক্ষা কৰিবলৈ ৰাইজে বিদ্যালয় গৃহ ভাঙি পেলাবলৈ বাধ্য হয়। ক'ত কেতিয়া বিদ্যালয় দুখন পুনৰ নিৰ্মাণ কৰিব  এতিয়াও নিশ্চিত নহয়। বিদ্যালয় গৃহ পুনৰ নিৰ্মান নকৰা পৰ্যন্ত বিদ্যালয় দুখনৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান ব্যাহত হৈ থকাটো এশ শতাংশই নিশ্চিত।

নিকৰি অঞ্চলৰ বহু কেইটা পৰিয়ালে গৰখহনীয়াৰ কবলত পৰি স্থানান্তৰ হৈছে। ইপিনে অঞ্চলটোৰ যাতায়তৰ মূল দলং  নিকৰি শম্ভুৰাম মিৰি জানৰ ওপৰত থকা বাঁহৰ দলংখন বৃহস্পতিবাৰে পুৱা বানৰ প্ৰবল সোঁতে উটুৱাই নিয়াত যোগাযোগ বিছিন্ন হৈ অঞ্চলটোৰ  সৰু-বৰ ১০ খনৰো অধিক গাঁৱৰ হাজাৰ  হাজাৰ ৰাইজ জলবন্ধী হৈ থাকিব লগা হৈছে।

আটাইতকৈ পৰিতাপৰ বিষয়টো হৈছে বানৰ ফলত সৃষ্টি হোৱা এনে জটিল পৰিস্থিতিৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। নীপকো সৃষ্ট দ্বিতীয়টো বানে ন-ন অঞ্চল প্লাবিত কৰাৰ লগতে শ শ হেক্টৰ শালি ধানৰ  পথাৰ ইতিমধ্যে বুৰাই পেলাইছে।

  বানাক্ৰান্তৰ মাজত সততে প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ ক্ষতি পূৰণ কোনে দিব ? নীপকো অথবা চৰকাৰে ক্ষতিগ্ৰস্ত বানাক্ৰান্তক উচিত ক্ষতিপূৰণ দিব নে? এতিয়া এনেবোৰ প্ৰশ্ন, কোটি টকীয়া প্ৰশ্ন হৈছে পৰিছে বানাক্ৰান্তৰ মাজত। অৱশ্যে নীপকোৰ সৃষ্ট বানত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তই উচিত ক্ষতিপূৰণ সময়ত নাপালে ইয়াৰ ফলস্বৰূপে জনতাৰ মাজত ভয়াবহ প্ৰতিবাদী আন্দোলনৰ উদ্গীৰণ হোৱাটো নিশ্চিত।