গোলাঘাটঃ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰ সদায় চৰকাৰৰ শত্ৰু৷ কাৰণ তেওলোকে চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰ প্ৰতিবাদ কৰিলে শাসনৰ গাদীত বহি থকা লোকসকলে লাজ পায়৷ দৰিদ্ৰ, শ্ৰমিক খাটিখোৱা মানুহবোৰকে প্ৰতিখন চৰকাৰে টাৰ্গেট কৰি লয়৷ বেদ খল উচ্ছেদ কৰাৰ নামতে হওক নতুবা ৰাজ পথত ন্যায় বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোক সকলেই হওক চৰকাৰ তথা আৰক্ষীয়ে জপিয়াই পৰি বৰ্বৰ আক্ৰমণ কৰে৷
শেহতীয়াকৈ অগপ, বিজেপি আৰু বিপিএফৰ চৰকাৰ খনে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ কৃষক, শ্ৰমিক, দৰিদ্ৰৰ হৈ মাত মাতি অহা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ জনজাতি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ খনে আক্ৰোশমূলক আচৰণ কৰা পৰিলক্ষিত হৈছে৷ কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত যোৱা প্ৰায় তিনিমাহ ধৰি জেলত বন্দী কৰি ৰখাৰ লগতে বিভিন্ন সময়ত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷