গোলাঘাটঃ গোলাঘাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডল এলেকাৰ ৪০ স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আত্মসহায়ক গোটৰ কৰ্মীৰ উপস্থিতিত যোৱা ১৮ ডিচেম্বৰত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ সন্দৰ্ভত এখন সভা অনুষ্টিত হৈ যায়৷
গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত স্বচ্ছ ভাৰত অভিযানৰ জিলা পৰামৰ্শদাতা বিশ্বজিৎ গগৈয়ে আঁত ধৰে৷ সভা উদ্বোধন কৰি জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই ২০১৮ৰ মাৰ্চৰ ভিতৰত জিলাখনৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে বিজ্ঞানসন্মত শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পোষকতা কৰে।