বেতবাৰীঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীৰ গাঁৱক বক্সাৰ অংকুশিতাই জিলিকাই তোলাৰ লগতে নগাঁৱক জিলিকাই তুলিলে বিল্ডিঙত ছৰিফুলে। এইবাৰ এগৰাকী কণমানিয়ে জিলিকালে এখন গাঁও।
শিৱসাগৰ জিলাৰ চুনপোৰা হাবি গাঁৱক উজলাই তুলিলে সপ্তম শ্ৰেণীৰ ছাত্ৰী আস্থা বৰাই। আন্তৰ্জাতিক পৰ্যায়ত আস্থাই সফলতা অৰ্জন কৰি ৰাজ্যখললৈ গৌৰৱ কঢ়িয়াই আনে। বক্সিঙত অংকুশিতা আৰু বডি বিল্ডিঙত ছৰিফুলৰ পিছত এইবাৰ এগৰাকী কণমানিয়ে গৌৰৱ কঢ়িয়াই আনিলে যোগাসনত।