newsnextone.com | তেজপুৰঃ দিনক দিনে সোণৰ মূল্য বৃদ্ধি পাইছে যদিও অসমত কেঁচা সোণৰ চাহিদা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।
অসমত সোণৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ন ন অসমীয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ অলংকাৰৰ সৈতে নৱ জাগৰণৰ সূচনা কৰিছে ধেমাজীৰ ৰবীন কোঁৱৰৰ নেতৃত্বৰ এটি ‘কেঁচা সোণ’ উদ্যোগে। ‘কেঁচা সোণ’ নামৰ এই উদ্যোগটোৰ দ্বাৰা ৰাজ্যৰ প্ৰায় ৭৫০০ পৰিয়াল উপকৃত হৈছে।