71
কোকৰাঝাৰঃ কোকৰাঝাৰ-বিটিএডিৰ পৰা আছুৰ সমিতিত বড়ো ছাত্ৰ-ছাত্ৰী প্ৰায় নাই। আছুক জোৰদাৰ কৰিব লাগিব, মই বড়ো ছাত্ৰ-ছাত্ৰীক আছুত যোগদান কৰিবলৈ দিম। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আছুৰ উদ্যোগত কোকৰাঝাৰৰ বালাজান তিনালীৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা নাছিৰ হুছেইন স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে।
