60
ৰঙিয়া/ডিব্ৰুগড়/বৰপেটাঃ কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে পুনৰ অসম জীতায়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধ কৰি ‘গণ অৱস্থান’ শীৰ্ষক প্ৰতিবাদ সাব্যস্ত কৰে৷
