Home ৰাজ্যগুণোৎসৱৰ ফলাফলত উৎফুল্লিত ৰাইদঙীয়াবাসী

গুণোৎসৱৰ ফলাফলত উৎফুল্লিত ৰাইদঙীয়াবাসী

by News Desk
57 views
A+A-
Reset

নগাঁওঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলত নগাঁও জিলাই পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় পৰ্যায়ত ভাগ লোৱা জিলাখনৰ বিভিন্ন স্তৰৰ সৰ্বমুঠ ২৩২০ খন বিদ্যালয়ৰ ভিতৰত ১৭৪ খনে এ-প্লাছ লাভ কৰাৰ বিপৰীতে ৬৪১ খনে-এ, ৭৯৯ খনে-বি, ৪৭১ খনেি-চ আৰু ৩৩৫ খনে-ডি গ্ৰেড লাভ কৰে৷

ইয়াৰ ভিতৰত জিলাখনৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাইদঙীয়াৰ অন্যতম অগ্ৰণী তথা আগশাৰীৰ শিক্ষানুষ্ঠান নসত্ৰ প্ৰাথমিক বিদ্যালয়ে ‘এ প্লাছ’ গ্ৰেড পাবলৈ সক্ষম হোৱাত স্বাভাবিকতেই অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে৷ বিভিন্ন সমস্যাৰে যুজি থকা অঞ্চলটোৰ অন্যতম পুৰণি এই শিক্ষানুষ্ঠানখনে এনেদৰে উন্নত ফলাফল প্ৰদৰ্শনেৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অঞ্চলৰ ৰাইজ, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একপ্ৰকাৰে আনন্দৰ বন্যা বোৱাৰ লগতে সকলোৱে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা হাজৰিকা আৰু সমূহ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0