ডিজিটেল ডেস্কঃ অৱশেষত অন্ত হ’ল অপেক্ষাৰ। এক দেশ এক কৰ নীতিৰে দেশত সূচনা হ’ল পণ্য আৰু সেৱা কৰ চমুকৈ জি এছ টি। সংসদৰ বিশেষ অধিৱেশনৰ পিছতে বুটাম টিপি জি এছ টিৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
জি এছ টিৰ শুভাৰম্ভণি উপলক্ষে আজি সংসদৰ চেণ্ট্ৰেল হল আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। আড়ম্বৰপূৰ্ণ অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে।