newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকাত দিন পাৰ কৰিব লগা হৈছে৷ সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে অসমীয়া জনসাধৰণক সুৰক্ষা দিব পৰা নাই বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰ সলনি হয় যদিও অসম-অৰুণাচল সীমান্তৰ অসমীয়া সুৰক্ষিত নহয়৷ প্ৰাণৰ সংশয়ত প্ৰতিটো দিন পাৰ কৰে তিনিচুকীয়াৰ অসমীয়াই৷ 

কিয়নো সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে লক্ষ্য কৰি লৈছে সাধৰণ নাগৰিকক৷ ব্যৱসায়ীক অপহৰণ, ব্যৱসায়ীক গুলীয়াই হত্যা, সাধাৰণ গঞাক আক্ৰমণ, টেংকাৰত আক্ৰমণ আদি কাৰ্য সংঘটিত কৰি আহিছে৷ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আলফা স্বাধীনৰ কেতবোৰ কূটাঘাতমূলক কাৰ্যই জনসাধৰণক শংকিত কৰি তুলিছে৷

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত দুখন চৰকাৰ চলি আহিছে বুলিও কলেও বঢ়াই কোৱা নহ’ব৷ দুয়ো খন ৰাজ্যত একোখন নিৰ্বাচিত চৰকাৰৰ লগতে আলফা স্বাধীন আৰু এন এচ চি এন সমান্তৰাল শাসন চলে৷ শেহতীয়া বহুকেইটা ঘটনাই ইয়াকে প্ৰমাণ কৰে বুলি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে একমূখে স্বীকাৰ কৰে৷ উজনি অসমত বিশেষভাৱে প্ৰভাৱিত আলফাৰ ২৮নং বেটেলিয়ানৰ প্ৰায় দুই শতাধিক সদস্যই ২০০৮ চনৰ ২৪জুনত শান্তি আলোচনালৈ ওলাই অহাত জনসাধাৰণে অন্ততঃ আশা কৰিছিল যে অঞ্চলটোৰ স্থানীয় যুৱকসকলে প্ৰাণৰ মমতাত হয়তো আৰু বহিঃৰাজ্যলৈ ঢাপলি মেলিব নালাগিব৷ কিন্তু তেনেকুৱা নহ’ল। আজিও নিতৌ বিদ্ৰোহীৰ ভয়ত দিন পাৰ কৰিব লগা হয় সীমান্তৰ গঞাই৷

আলফা স্বাধীনে নিজ শক্তি আৰু অস্তিত্ব প্ৰমাণাৰ্থে বিভিন্ন কূটাঘাট সংঘটিত কৰি গৈছে৷ সেনা, আৰক্ষী আৰু চৰকাৰক আলফাই ক্ষমতাৰ প্ৰমাণ দিবলৈ যোৱাত সাধাৰণ লোকে প্ৰাণ হেৰুৱাহ লগা হৈছে৷ মুঠৰ ওপৰত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে অসম-অৰুণাচল সীমান্তৱৰ্তী জিলা তিনিচুকীয়া জিলাৰ সাধাৰণ নাগৰিকে৷ জিলা খনৰ সাধাৰণ নাগৰিক যি কোনো মুহূৰ্ততে বিদ্ৰোহীৰ আক্ৰমণৰ বলি হ’ব পাৰে৷ সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ থকা বুলি কোৱা হৈছে যদিও এই কথাক উপলুঙা কৰি নিতৌ হিংসাত্মক কাৰ্য, অপহৰণ, বিস্ফোৰণ কাৰ্য সংঘটিত কৰি গৈছে সীমান্তত সক্ৰিয় বিদ্ৰোহী সংগঠনে৷ 

তাৰ মাজতে যোৱা ৮ জুনত আলফা স্বাধীনৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দল এটাই তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক অপহৰণ কৰি নিয়ে৷ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি বাগিচাৰ গৰাকী ৰাধা চেতিয়া নথকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থীৰ দলে বাগিচা খনত প্ৰৱেশ কৰে আৰু বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক উঠাই লৈ যায়৷ 

অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা গোপাল উপধ্যায়ৰ গাঁৱৰ লোক তথা উদয়পুৰবাসীয়ে আলফা স্বাধীনক চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক এৰি দিয়াৰ আহ্বান জনাই আহিছিল৷ অপহৰণ কৰাৰ পিছৰে পৰা চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক মুকলি কৰি দিয়াৰ দাবীত তিনিচুকীয়াৰ জাগুনত গোপাল উপাধ্যায়ৰ গাঁও উদয়পুৰৰ কেইবাশতাধিক লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ফানেং চাহ বাগিচাৰ গৰাকী ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ 

ৰাইজৰ দাবীত সেও মানি আলফাই অৱশেষত মুকলি কিৰ দিয়ে গোপাল উপাধ্যায়ক৷ আলফা স্বাধীনে অপহৰণ কৰি নিয়া গোপাল উপাধ্যায় ওৰফে দীননাথ অৱশেষত নিজ ঘৰত উপস্থিত হয়৷ অসম-অৰুণাচল সীমান্তৰ চাংলাং জিলাৰ খামলৌ গাঁৱত আলফা স্বাধীনে সম্পূৰ্ণ ১৭ দিনৰ অন্তত গোপাল উপাধ্যায়ক মুকলি কৰি দিয়ে৷ কিহৰ বাবে এজন সাধাৰণ নাগৰিকক আলফা স্বাধীনে অপহৰণ কৰিলে তাৰ প্ৰকৃত ৰহস্য হলে আজিলৈ ফাদিল নহ’ল৷ অপহৃতৰ পৰিয়ালে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনক মুক্তি দিয়াৰ স্বাৰ্থত বৈদিক পৰম্পৰাৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিচ্ছবিত পূজা অৰ্চনা কৰিছিল৷

এনে কাকুতি মিনতিৰ বাবেই আলফা স্বাধীনে গোপাল উপাধায়ক বিনাচৰ্তে মুক্তি কৰি দিলে নে বাগিচা খনৰ স্বতাধিকাৰী ৰাধা চেতিয়াই অপহৰণৰ বিনিময়ত আলফাক বৃহৎ পৰিমাণৰ ধন দি গোপাল উপাধ্যায়ক মুকলি কৰি আনিলে? সম্প্ৰতি উগ্ৰপন্থীৰ ঘাটি হৈ পৰা অসম-অৰুণাচলৰ সীমান্তৰ জাগুনত ইয়াৰ পূৰ্বেও এনেধৰণৰ অপহৰণ কাণ্ড সংঘটিত হৈ আহিছে৷ উগ্ৰপন্থী সংগঠন সমূহে একমাত্ৰ ধনৰ বিনিময়ত হে অপহৃতক মোকলাই দিয়াৰ নজিৰ আছে। বৰ্তমান জাগুন আৰক্ষীৰ সৈতে সেনাৰ এটা বৃহৎ দলে খামলৌ গাঁৱৰ পৰা গোপাল উপাধ্যায়ক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে। জানিব পৰা মতে, পাটকাইৰ আলফাৰ শিবিৰত আৱদ্ধ কৰি ৰাখিছিল গোপাল উপধ্যায়ক৷ আলপাৰ তিনি শীৰ্ষ নেতা উদয় অসম, ধনী অসম আৰু ৰূপম অসমৰ নেতৃত্বত অপহৰণ কৰা হৈছিল আৰু তেওঁলোকৰ নেতৃত্বত ৰাখিছিল গোপালক৷