newsnextone.com | জাগুনঃ তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায় ওৰফে দীননাথক অৱশেষত সুস্থ শৰীৰেৰে আলফা আলফা স্বাধীনে মুকলি কিৰ দিয়ে৷ জাগুনৰ ৱাৰাগাঁৱত মুকলি কৰি দিয়ে চাহ বাগিচাৰ শ্ৰমিকগৰাকীক৷ জানিব পৰা মতে সুস্থ শৰীৰে ৱাৰাগাঁৱত মুকলি কৰি দিয়াৰ পিছতে দীননাথে পুত্ৰক ফোন কৰি এই কথা জনায়৷ বৰ্তমান আৰক্ষীয়ে জিম্মাত থকা বুলি জানিব পৰা গৈছে দীননাথ৷ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাই দীন নাথৰ৷ 

যোৱা ৮ জুনত আলফা স্বাধীনৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দল এটাই তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক অপহৰণ কৰি নিয়াৰ পিছৰে পৰা গোপাল উপধ্যায়ৰ গাঁৱৰ তথা উদয়পুৰবাসীয়ে আলফা স্বাধীনক চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক এৰি দিয়াৰ আহ্বান জনাই আহিছিল৷

অপহৰণ কৰাৰ পিছৰে পৰা চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক মুকলি কৰি দিয়াৰ দাবীত তিনিচুকীয়াৰ জাগুনত গোপাল উপাধ্যায়ৰ গাঁও উদয়পুৰৰ কেইবাশতাধিক লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ফানেং চাহ বাগিচাৰ গৰাকী ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ 

উদয়পুৰৰ লোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আলফা স্বাধীনে অপহৰণ কৰা গোপাল উপাধ্যায় ওৰফে দীননাথক মোকলাই অনাৰ দাবী জনাই অসম চৰকাৰ হা হায়, অসম পুলিচ মুৰ্দাবাদ, গোপাল উপাধ্যায়ক মুকলি কৰক, ৰাধা চেতিয়া মুৰ্দাবাদ আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তুলুছুল কেইবাটাও দিন ধৰি৷

আলফা স্বাধীনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আৰু আলফা স্বাধীনে গোপাল উপাধ্যায়ৰ এটা ভিডিঅ’ মুকলি কৰি সেনাৰ চোৰাংচোৱা আছিল বুলি দাবী কৰে।

১৭ জুনতো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উদয়পুৰবাসীয়ে ৯ মাইলত ব্যৱসায়ী ৰাধা চেতিয়াৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ দীননাথক মুকলি কৰি অনাৰ দাবী জনাই ৰাইজে৷

গোপাল উপাধ্যায় ওৰফে দীননাথৰ নিজ গাঁও উদয়পুৰৰ ৰাইজে গোপাল উপাধ্যায় ওৰফে দীননাথক মুকলি কৰি অনাৰ দাবীত হাতে বাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাধা চেতিয়া নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ সন্মুখত৷ ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু গোপাল উপাধ্যায়ক মুক্তিৰ বাবে যি কৰিব লাগে তাকেই কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আশ্বাসত সৈমান হয় প্ৰতিবাদকাৰীয়ে৷ আনহাতে ৰাইজে শীঘ্রে নিৰীহ গোপাল উপাধ্যায়ক এৰি দিবলৈ আহ্বান জনায়।

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ আশংকাত দিন পাৰ কৰাৰ লগতে সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে অসমীয়াক সুৰক্ষা দিব পাৰিছেনে ইয়াকে লৈ শংকাত দিন পাৰ কৰিছে ৰাইজে। সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে লক্ষ্য কৰি লৈছে সাধাৰণ জনগণক৷ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিভিন্ন উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক কাৰ্যই সংঘটিত কৰি অহাত জনসাধৰণক শংকিত হৈ পৰিছে।

জানিব পৰা মতে, বাগিচাৰ গৰাকী ৰাধা চেতিয়া নথকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থীৰ ৬ জনীয়া দলে বাগিচা খনত প্ৰৱেশ কৰে আৰু বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক উঠাই লৈ যায়৷