newsnextone.com | জাগুনঃ তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায় ওৰফে দীননাথক অৱশেষত সুস্থ শৰীৰেৰে আলফা আলফা স্বাধীনে মুকলি কিৰ দিয়ে৷ জাগুনৰ ৱাৰাগাঁৱত মুকলি কৰি দিয়ে চাহ বাগিচাৰ শ্ৰমিকগৰাকীক৷ জানিব পৰা মতে সুস্থ শৰীৰে ৱাৰাগাঁৱত মুকলি কৰি দিয়াৰ পিছতে দীননাথে পুত্ৰক ফোন কৰি এই কথা জনায়৷ বৰ্তমান আৰক্ষীয়ে জিম্মাত থকা বুলি জানিব পৰা গৈছে দীননাথ৷ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাই দীন নাথৰ৷
যোৱা ৮ জুনত আলফা স্বাধীনৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দল এটাই তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক অপহৰণ কৰি নিয়াৰ পিছৰে পৰা গোপাল উপধ্যায়ৰ গাঁৱৰ তথা উদয়পুৰবাসীয়ে আলফা স্বাধীনক চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক এৰি দিয়াৰ আহ্বান জনাই আহিছিল৷