গোৰেশ্বৰঃ বিটিচি চুক্তি বাতিল আৰু ভূমি অধিকাৰ সম্পৰ্কত বিটিচি চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবীত আহ্বান কৰা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ সময়ছোৱাত বাগসা জিলাৰ গোৰেশ্বৰত বন্ধ সমৰ্থকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোৰেশ্বৰ ৰেল গেটত স্থানীয় আক্ৰাছুই টায়াৰ জ্বলাই বিটিচি চুক্তি বাতিলৰ দাবী জনায়।
বন্ধ সমৰ্থকসকলে বিটিচি চুক্তি বাতিল কৰক, হাগ্ৰামা মহিলাৰী গ’ বেক, সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গান দিয়ে। গোৰেশ্বৰ আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশীয়ে বিটিচি চৰকাৰে অনাবড়ো লোকৰ অধিকাৰ সুৰক্ষিত নকৰিলে অনাগত দিনত বিটিএডি আৰু জ্বলিব বুলি কয়। ভূমি অধিকাৰ সম্পৰ্কত বিটিচি প্ৰশাসনক উচিত সিদ্ধান্ত গ্ৰহণৰ দাবী জনায়।