38
দীপাংকৰ দাস, গোৰেশ্বৰঃ মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে জলসিঞ্চন বিভাগত নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ ঘটনাই কঁপাইছে ৰাজ্য। এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা গুৰুতৰ অভিযোগক প্ৰত্যাহ্বান জনাইছে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতাই।
ইয়াৰ মাজতে গোৰেশ্বৰত পুত্তলিকা দাহ কৰা হয় অভিজিৎ শৰ্মাৰ। বুধবাৰে ৩০ এপ্ৰিলত মন্ত্রী ভৱেশ কলিতা ভাবমূৰ্তি ম্লান কৰিব বিচৰাৰ বিৰুদ্ধে প্রতিবাদ জনাই গোৰেশ্বৰত পুত্তলিকা দাহ কৰা হয় অভিজিৎ শৰ্মাৰ।