68
গোৰেশ্বৰঃ ৰঙালীৰ উছাহ এতিয়াও মাৰ যোৱা নাই। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উপলক্ষে এতিয়াও ৰাজ্যত অব্যাহত আছে বিভিন্ন অনুষ্ঠান।
যি সময়ত এফালে ব্যয়বহুলভাৱে মঞ্চ বিহু অনুষ্ঠিত কৰাৰ অঘোষিত প্ৰতিযোগিতা চলিছে সেই সময়তে কিন্তু ৰাজ্যৰ বহু গ্ৰামাঞ্চলত অনাড়ম্বৰভাৱে ৰঙালী বিহুৰ কাৰ্যসূচী আয়োজিত হৈ আছে। বাগসা জিলাৰ গোৰেশ্বৰৰ বৰফুকনখাত গাঁৱত চলি থকা বৰফুকনখাত ব’হাগী উৎসৱ উপলক্ষে তেনে এক নিদৰ্শন দেখা পোৱা গ’ল।