Home ৰাজ্যপ্ৰক্সী ভোটৰ ভূত… আধাতে সামৰণি পৰিল ছাত্ৰ একতা সভাৰ ভোটদান প্ৰক্ৰিয়া

প্ৰক্সী ভোটৰ ভূত… আধাতে সামৰণি পৰিল ছাত্ৰ একতা সভাৰ ভোটদান প্ৰক্ৰিয়া

by News Desk
64 views
A+A-
Reset

গোৰেশ্বৰঃ বাক্সা জিলাৰ উচ্চশিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আজি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ভুৱা ভোটপ্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এনে  পৰিস্থিতিৰ। ইয়াকে লৈ মহাবিদ্যালয়ত আৰক্ষী লগতে চি আৰ পি এফৰ জোৱান নিয়োগ কৰিবলগীয়া হয়। মুঠ ৩৮ জন প্ৰাৰ্থীয়ে ১২ টা বিভিন্ন বিভাগত প্ৰাৰ্থিত্ব আগবঢ়োৱা গোৰেশ্বৰ মহাবিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এগৰাকী শিক্ষাৰ্থীয়ে আনৰ পৰিচয়-পত্ৰ লৈ ভোটদান কৰিবলৈ অহা আৰু আন এজন শিক্ষাৰ্থীয়ে দ্বিতীয়বাৰ ভোট দিবলৈ অহা বুলি ভোটদানৰপৰা বিৰত ৰখাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। আছুকে ধৰি একাংশ ছাত্ৰই সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো বাতিল কৰাৰ দাবী উত্থাপন কৰে। এনে পৰিস্থিতিত পুৱা ৯ বজাৰপৰা আৰম্ভ হোৱা নিৰ্বাচনৰ ভোটদান প্ৰায় ১২ বজাত  বন্ধ হৈ পৰে। ইয়াকে লৈ একাংশ শিক্ষাৰ্থীৰ মাজত হতাহতিৰ পাছত মহাবিদ্যালয়ত আৰক্ষীকে ধৰি চি আৰ পি এফৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে নিৰ্বাচনী বিষয়াৰ উপস্থিতিত প্ৰাৰ্থীসকলৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়। সেই মৰ্মে ভোটদান প্ৰক্ৰিয়া সিমানতে সমাপ্ত কৰা হয়। নিৰ্বাচনৰ বেলট বক্সসমূহ গোৰেশ্বৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। লগতে ১২ বজালৈ ভোট গ্ৰহণৰ ভিত্তিতে ফলাফল ঘোষণা কৰিব লাগে বুলি আছুৱে দাবী জনাইছে যদিও কাইলৈ ৩০ অক্টোবৰত পুৱা অধ্যক্ষৰ সৈতে প্ৰাৰ্থী আৰু ছাত্ৰ সংগঠনসমূহৰ সৈতে হোৱা আলোচনাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0