newsnextone.com | গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খন খচৰা প্ৰকাশক লৈ কোনো পক্ষই শংকিত হোৱাৰ প্ৰয়োজন নাই। কোনো প্ৰকৃত ভাৰতীয় লোকৰ নাম এনআৰচিত কেতিয়াও বাদ পৰি নাযায়। এই মন্তব্য বাক্সা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈৰ। বৃহস্পতিবাৰে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত গোৰেশ্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কীয় এক সজাগতা সভাত উপায়ুক্তগৰাকীকে এনেদৰে কয়।
স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভৱনত আয়োজিত সভাত উপায়ুক্তগৰাকীয়ে এনআৰচিৰ খচৰা প্ৰকাশকলৈ কোনো দুষ্ট চক্ৰই যাতে শান্তি শৃংখলা আৰু সৎ ভাৱ বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈয়ে নিজে সঞ্চালনা কৰা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া অলকানন্দা মেধিয়ে।