Home ৰাজ্যগোৰেশ্বৰৰ ছাত্ৰ সংগঠনে পুনৰ উচ্ছেদ কৰিলে জুৱাৰ ঘাটি

গোৰেশ্বৰৰ ছাত্ৰ সংগঠনে পুনৰ উচ্ছেদ কৰিলে জুৱাৰ ঘাটি

by News Desk
A+A-
Reset
8b6e668b-616a-4918-9a07-c342b35e0207

ডিজিটেল ডেস্ক |গোৰেশ্বৰঃ বাগচা জিলাৰ গোৰেশ্বৰত জুৱা খেলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ছাত্ৰ সংগঠনে। আৰক্ষী আৰু প্ৰশাসনে কৰিব নোৱাৰা কাম গোৰেশ্বৰৰ ছাত্ৰ সংগঠন সমূহে কৰিবলৈ লৈছে। বিশেষকৈ গোৰেশ্বৰৰ চৌদিশে অবাধে চলি অহা তীৰ-জুৱা খেল বন্ধ কৰি এখন সুস্থ-সবল সমাজ গঢ়াৰ বাবে শেষতীয়াকৈ পদক্ষেপ লৈছে কেবাটাও ছাত্ৰ সংগঠনে। অলপতে ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে গোৰেশ্বৰৰ কেবাটাও ছাত্ৰ সংগঠনে ব্যাপক পোষ্টাৰিং কৰিছিল। বাগচা জিলাৰ অন্তৰ্গত তথা গোৰেশ্বৰ আৰক্ষী থানাৰ এলেকাধীন মাগুৰমাৰীত বিগত ২৪ অক্টোবৰত লক্ষীপূজাৰ নামত আয়োজন কৰা জুৱাখেলক  নিখিল বড়ো ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত উচ্ছেদ কৰাৰ লগতে ৮ জনকৈ জুৱাৰীক ধৰি বান্ধি গোৰেশ্বৰ আৰক্ষীক গতাই দিছিল। ইয়াকে লৈ একাংশ ৰাইজৰ সৈতে জুৱাৰীৰ হতাহতিৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ উত্তেজনা মাৰ নাযাওতে পুনৰ ২৬ অক্টোবৰত  গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত গুৰমৌৰ সাপ্তাহিক বজাৰত ছাত্ৰ সংগঠনে তীৰ-জুৱা আদি খেল উচ্ছেদ কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। 

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0